ঘাইপথৰ দাঁতিৰ শতাধিক অবৈধ দোকান–পোহাৰ উচ্ছেদ
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ চলিত ইংৰাজী ২০২০ বর্ষটো শেষ হ’বলৈ মাজতে আৰু মাত্র দুটা দিন বাকী থকা অৱস্থাতেই গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তত চলিল কামৰূপ মহানগৰ জিলা প্রশাসনৰ উচ্ছেদ অভিযান৷
উল্লেখনীয় যে ৰাজধানী মহানগৰী গুৱাহাটীৰ ভিন্ন স্থানৰ সমান্তৰালকৈ মহানগৰীৰ পশ্চিম প্রান্তত অধিকাংশ অসাধু লোকে ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ চৰকাৰী ভূমিত দোকান–পোহাৰ দি মূলপথটো সংকুচিত কৰি পেলাইছে৷ যাৰ ফলত মহানগৰীৰ জালুকবাৰীৰ পৰা খানামুখলৈ গুৱাহাটী পৌৰ নিগমৰ অধীনৰ এই অঞ্চল বিশেষতঃ মহানগৰ জিলা প্রশাসনে চলায় একব্যাপক উচ্ছেদ অভিযান৷ জালুকবাৰীৰ পৰা খানামুখপর্যন্ত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত অকর্তৃত্বশীলভাৱে স্থাপন কৰা প্রায় শতাধিক দোকান পোহাৰ এক্সকেভেটৰৰ সহায়ত উচ্ছেদ কৰে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ অভিযান কালত মহানগৰীৰ খানামুখ, লংকেশ্বৰ, সাতমাইল, জালুকবাৰী আদি স্থানৰ অবৈধ দোকান পোহাৰসমূহ ভাঙি দিয়ে৷
জানিব পৰা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰিয়ে প্রশাসনে চলায় এই উচ্ছেদ অভিযান৷ কামৰূপ মহানগৰ জিলাৰ চক্র বিষয়া (সংলগ্ণ)বৰণ্য বৰঠাকুৰৰ নেতৃত্বত সম্পন্ন হয় এই উচ্ছেদ অভিযান৷ উল্লেখ্য যে মহানগৰীৰ বিভিন্ন চৰকাৰী ভূমিত একাংশ দুষ্টচক্রই বেদখল কৰি ব্যৱসায় চলাই আহিছে৷ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ন্যায়ালয়ে দিয়া নির্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ জিলা প্রশাসনে আজি চলায় উচ্ছেদ অভিযান৷