নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহোমগাঁৱত নাহৰফুটুকীৰ আক্রমণত বনকর্মীসহ চাৰিজন লোক আহত

নাহৰফুটুকীৰ আক্রমণৰ শংকাত আতংকিত চন্দ্রপুৰৰ বাসিন্দা ঃ বন বিভাগক ব্যৱস্থা গ্রহণৰ দাবী

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ মহানগৰীৰ মালিগাঁৱত কালি নাহৰফুটুকীৰ আক্রমণত এজন লোক আহত হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ মহানগৰীৰ গড়চুকৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্রমণত বনকর্মীসহ চাৰিজন লোক আহত হয়৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি গড়চুকৰ ৰয়েল গ্ল’বেল ইউনিভার্ছিটী চৌহদত স্থানীয় লোকে এটা প্রকাণ্ড নাহৰফুটুকী প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটোৰ বিচাৰ–খোঁচাৰ কৰি নোপোৱাত উভতি আহে৷ আজি ৰয়েল গ্ল’বেল ইউনিভার্ছিটীৰ চৌহদৰ পৰা নাহৰফুটুকীটো ওলাই আহি এজন নিৰাপত্তাৰক্ষীক আক্রমণ কৰে৷ স্থানীয় লোকে ঘটনা সন্দর্ভত বন বিভাগক অৱগত কৰাৰ লগতে হাতে হাতে যাঠী–জোং লৈ নাহৰফুটুকীটো খেদি যোৱাত নাহৰফুটুকীটো দিল্লী পাব্লিক স্কুলত সোমায়৷ দিল্লী পাব্লিক স্কুলৰ চৌহদৰ পৰা নাহৰফুটুকীটো অন্তর্ধান হয় যদিও বনকর্মীয়ে বিচাৰি থকাৰ সময়তে নলাৰ পৰা ওলাই আহি বনকর্মী হৰি শীল, আবেদ আলী আৰু প্রবীণ হালৈক আক্রমণ কৰে৷ ইয়াৰে প্রবীণ হালৈ সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে৷ অৱশ্যে বন বিভাগৰ লোকে নাহৰফুটুকীটোক ট্রেংকুলাইজ কৰিবলৈ সক্ষম হোৱা নাই৷ সম্প্রতি অঞ্চলটোত নাহৰফুটুকীৰ আতংকই বিৰাজ কৰিছে৷ ইপিনে, নাহৰফুটুকী বাঘৰ আতংকত ত্রস্তমান হৈ আছে দীর্ঘবছৰৰ পৰা পৰিত্যক্ত হৈ থকা চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ আৱাসিক এলেকাৰ লগতে নিকটৱর্তী অঞ্চলৰ বাসিন্দাসকল৷ বাঘৰ আতংকৰ আশংকাতে সম্প্রতি সন্ধিয়াতে দুৱাৰ বন্ধ কৰি ঘৰতে সোমাই থাকিব লগা অৱস্থা হৈছে৷ শেহতীয়াকৈ জানিব পৰা মতে, একাধিক পশুধনক আক্রমণ কৰিছে নাহৰফুটুকীটোৱে৷

উল্লেখ্য যে বিগত প্রায় এমাহ ধৰি এটা প্রকাণ্ড নাহৰফুটুকীয়ে হাবি–জংঘলেৰে আৱৰি থকা তাপবিদ্যুৎ প্রকল্পৰ আৱাসিক এলেকাত মুক্ত বিচৰণ কৰি থকা প্রত্যক্ষ কৰি আহিছে স্থানীয় লোকে৷ আনকি ফুট গধূলিতে বিচৰণ কৰি থকা অৱস্থাত বাঘৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে আৱাসী এলেকাৰ বহুকেইগৰাকী লোক৷ তদুপৰি বিগত কেইদিনমানত বহুকেইটা ছাগলী নিধন কৰাৰ উপৰি অতি শেহতীয়াকৈ সন্তোষ মল নামৰ লোকজনৰ গৰু এটাক আক্রমণ কৰি ঘুণীয়া কৰে নাহৰফুটুকীটোৱে৷ সম্প্রতি নাহৰফুটুকীৰ আতংকত সন্ধিয়া নামি অহাৰ লগে লগে আৱাসী এলেকাৰ সকলো লোক ঘৰমুখী হোৱাৰ উপৰি সন্ধিয়াতে দুৱাৰ বন্ধ কৰি সোমাই থাকিবলগীয়া হৈছে বাসিন্দাসকল৷ ইয়াৰ উপৰি প্রকল্পৰ নিকটৱর্তী অঞ্চল বিশেষকৈ ডিগাৰুমুখ, চন্দ্রপুৰ বাগিচা, শিঙিমাৰী, অৰণ্যনগৰ, আকাশীনগৰ অঞ্চলৰ বাসিন্দাসকলো সমানে আতংকত ভুগিছে৷ স্থানীয় ৰাইজৰ ধাৰণা খাদ্যৰ সন্ধানত নিকটৱর্তী অঞ্চললৈ আহিব পাৰে বাঘটো৷ এনে ঘন জনবসতি অঞ্চলত প্রৱেশ কৰিলে নৰখাদক ৰূপ লোৱাৰো আশংকা কৰিছে অঞ্চলবাসীয়ে৷ তেনে হোৱাৰ পূর্বে ৰাইজে নাহৰফুটুকীটো বন্দী কৰাৰ দাবী উত্থাপন কৰিছে বন বিভাগক৷

You might also like