নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা ১০ বজাৰ পাছত নিষিদ্ধ মিউজিক

নৱবর্ষ কঠোৰ নির্দেশনা মহানগৰ আৰক্ষী–প্রশাসনৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰবাসীয়েও ইংৰাজী নৱবর্ষক আদৰিবলৈ সাজু৷ নৱবর্ষক আদৰাৰ নামত যাতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষী–প্রশাসনে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পূর্বে অনুজ্ঞাপত্র থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ বন্ধ কৰিব লাগিব৷ তদুপৰি নৱবর্ষক আদৰাৰ নামত কোনো পার্টীত ৫০জনতকৈ অধিক লোক সমৱেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ একেদৰে নিশা ১০ বজাৰ পাছত মহানগৰীত উচ্চস্বৰৰ মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইপিনে, যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ নিশা সুৰাপায়ীচালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজপথত তালাচী অভিযান চলাব৷ ৰাজহুৱা স্থানৰ লগতে পথ–উপপথ, মুকলি ঠাইত সুৰা সেৱন কৰি পৰিৱেশ বিনষ্টকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব বুলি আৰক্ষী আয়ুক্তই সদৰী কৰে৷

You might also like