নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগ বিহুৰ পূর্বেই অসমত ভোট! ক্রমশঃ বৃদ্ধি পাইছে দল বাগৰাৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ অহা ব’হাগ বিহুৰ পূর্বেই অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইতিমধ্যে দেশৰ নির্বাচন আয়োগে অসমৰ লগতে পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পণ্ডিচেৰীত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে৷

যোৱা ১৮ ডিচেম্বৰত দেশৰ নির্বাচন আয়োগে পাঁচোখন ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নির্বাচনী বিষয়াক নির্বাচনী দায়িত্বত নিয়োজিত হ’বলগীয়া গৃহ জিলাত কর্মৰত বিষয়া–কর্মচাৰী আৰু একেই স্থানত তিনি বছৰ কার্যনির্বাহ কৰি থকা বিষয়াসকলক বদলি কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, একে সময়তে পাঁচখন ৰাজ্যত হ’বলগীয়া বিধানসভা নির্বাচন চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বহুকেইটা পর্যায়ত অনুষ্ঠিত হ’ব৷

তদুপৰি পশ্চিমবংগত শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত আটাইতকৈ বেছি নিৰাপত্তাৰক্ষী আৰু যান–বাহনৰ প্রয়োজন হ’ব৷ স্বাভাৱিকতে এনে অৱস্থাত অসমৰ পৰাই অধিক নিৰাপত্তাৰক্ষী আৰু যান–বাহন চুবুৰীয়া ৰাজ্যখনলৈ নিবলগীয়া হ’ব৷ এনে প্রেক্ষাপটত আয়োগে প্রাৰম্ভিক পর্যালোচনাত অসমত আগতীয়াকৈ নির্বাচনী পর্ব শেষ কৰিব বিচাৰিছে৷

চলিত জানুৱাৰী মাহৰ শেষভাগত অথবা ফেব্রুৱাৰী মাহৰ প্রথম ভাগতেই এই সম্পর্কত আয়োগে স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব৷ অসমত বর্তমানৰ বিধানসভাৰ কার্যকাল অহা ৩১ মে’ত অন্ত পৰিব৷ সেইদৰে পশ্চিমবংগ বিধানসভাৰ কার্যকাল অহা ৩০ মে’ত অন্ত পৰিব৷ পশ্চিমবংগত নির্বাচন অনুষ্ঠিত কৰাৰ পূর্বেই যদিহে অসমত নির্বাচন সম্পূর্ণ কৰিব বিচাৰে, তেতিয়াহ’লে ব’হাগ বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰিব লাগিব৷

সূত্রটোৰ মতে, দুটা বা তিনিটা পর্যায়ত অসমত নির্বাচন অনুষ্ঠিত কৰিলে ব’হাগ বিহুৰ পূর্বেই দুটা পর্যায় সম্পূর্ণ কৰি বিহুৰ পাছতেই তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে আয়োগে৷ নির্বাচন আয়োগৰ এই তৎপৰতাৰ উমান পায়েই ৰাজ্য চৰকাৰে অহা মার্চ–এপ্রিল মাহত হ’বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মে’ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷

একেদৰে ৰাজ্য চৰকাৰেও বিধানসভাত দাখিল কৰিবলগীয়া লেখানুদান এইবাৰ ফেব্রুৱাৰী মাহতেই দিয়াৰ চিন্তা–চর্চা কৰিছে৷ নির্বাচন আয়োগৰ তৎপৰতাৰ সমান্তৰালভাৱে অহা বিধানসভা নির্বাচনক লৈ সমানে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ৷ শাসক–বিৰোধী প্রতিটো দলেই নির্বাচনৰ বাবে কঁকালত টঙালি বান্ধিবলৈ আৰম্ভ কৰিছে৷

ইয়াৰ সমানে আৰম্ভ হৈছে দল বাগৰা নেতা–কর্মীৰ ৰাজনীতি৷ যোৱা মঙলবাৰে জ্যেষ্ঠ কংগ্রেছ বিধায়ক অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰাৰ পাছত এইবাৰ কংগ্রেছেও আৰম্ভ কৰিছে বিজেপিৰ বিধায়কক কংগ্রেছলৈ অনাৰ ৰাজনীতি৷

কিছুদিন পূর্বে ডুমডুমা সমষ্টিৰ প্রাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে কংগ্রেছত যোগদান কৰাৰ পাছত এইবাৰ কংগ্রেছে বর্তমানৰ তিনিগৰাকী বিজেপি বিধায়কক কংগ্রেছলৈ অনাৰ পৰিকল্পনা কৰিছে৷ এই সম্পর্কত বৰপেটাৰ সাংসদ আব্দুল খালেকে জানিবলৈ দিয়া মতে, বর্তমান বিজেপিৰ তিনিজন বিধায়ক তেওঁৰ সৈতে পূর্ণ যোগাযোগত আছে৷

অহা ফেব্রুৱাৰী মাহত তেওঁলোকে আনুষ্ঠানিকভাৱে গেৰুৱা দল ত্যাগ কৰি কংগ্রেছত যোগদান কৰিব৷ সাংসদ খালেকৰ মতে কংগ্রেছলৈ আহিবলগীয়া বিজেপিৰ সেই তিনি বিধায়কৰ এজন উজনি অসমৰ, এজন উত্তৰ অসমৰ আৰু এজন মধ্য অসমৰ৷ ইপিনে, কংগ্রেছৰ একাংশ নেতা, বিধায়ক, প্রাক্তন মন্ত্রী–বিধায়কেও বিজেপিত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে প্রকাশ কৰা অনুসৰি বিভিন্ন দলৰ পৰা বিজেপিলৈ আহিব বিচৰা লোকসকলৰ বাবে দলে এখন স্ক্রীনিং কমিটী গঠন কৰি দিছে৷ সেই কমিটীয়ে অনুমোদন দিয়াৰ পাছতহে দলে তেওঁলোকক আদৰি ল’ব৷ অজন্তা নেওগ, ৰাজদীপ গোৱালাৰ লগতে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কীয়েও বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰিছিল যদিও সমষ্টিটোৰ তিনিখন মণ্ডল কমিটীয়ে আপত্তি দর্শোৱাৰ বাবে ৰ’জলীনা তির্কীৰ বিজেপি গমন সম্ভৱপৰ হৈ নুঠিল৷

কংগ্রেছৰ পৰা বিজেপিলৈ জাকে জাকে মানুহ অহাৰ প্রসংগত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয় যে বিজেপি দলে বর্তমান কংগ্রেছৰ পৰা নেতাৰ পৰিৱর্তে পঞ্চায়ত, জিলা পৰিষদ আদি পর্যায়ৰ তৃণমূল নেতা–কর্মীক অনাত গুৰুত্ব দিছে৷ আজিৰ দিনটোতে বিজেপিত বুথ কী বাত কার্যসূচীৰ সময়ত বিভিন্ন স্থানত সহস্রাধিক তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মীয়ে বিজেপি দলত যোগদান কৰে৷ অকল লাহোৱাল সমষ্টিতে আজিৰ দিনটোত ১২শৰো অধিক কংগ্রেছীয়ে গেৰুৱা বসন পৰিধান কৰে৷

অহা ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বুথ ভিত্তিত ৰাজনৈতিক সভা আৰু অহা ২০ জানুৱাৰীৰ পৰা ২০ ফেব্রুৱাৰীলৈ বিধানসভা সমষ্টিসমূহত পৃষ্ঠপ্রমুখ সন্মিলন অনুষ্ঠিত হ’ব৷ সেই সময়ছোৱাতো কংগ্রেছকে ধৰি বিভিন্ন দলৰ পৰা সহস্রাধিক নেতা–কর্মী বিজেপিত যোগদান কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি তেওঁ ব্যক্ত কৰে৷ ইফালে, ৰাজ্যখনত নতুনকৈ আত্মপ্রকাশ কৰা অসম জাতীয় পৰিষদৰ সৈতে অগপ আৰু বিজেপিৰ বহু বিধায়কে যোগাযোগ অব্যাহত ৰখাৰ বিষয়ে জানিবলৈ দি দলটোৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই কয় যে অচিৰেই তেওঁলোকে জাতীয় পৰিষদত যোগদান কৰিব বুলি আশাবাদী৷

অগপৰ তৃণমূল পর্যায়ৰ ৩০ শতাংশ লোক ইতিমধ্যে জাতীয় পৰিষদত যোগদান কৰাৰ উল্লেখ কৰি তেওঁ আৰু কয় যে অনাগত কিছুদিনৰ ভিতৰত অগপৰ ৮০ শতাংশ তৃণমূল কর্মীয়ে তেওঁলোকৰ দললৈ আহিব৷ ইয়াৰ বিপৰীতে অগপৰ সভাপতি অতুল বৰাই প্রকাশ কৰা অনুসৰি পৰিৱর্তিত সময়ৰ লগে লগে অগপ দল যথেষ্ট শক্তিশালী হৈ পৰিছে৷ বর্তমান বিভিন্ন সমষ্টিত চলি থকা দলটোৰ সাংগঠনিক কার্যসূচীত জনসাধাৰণৰ সক্রিয় অংশগ্রহণে সেই ছবিখন স্পষ্ট কৰি তুলিছে৷

অগপৰ বিকল্প হিচাপে নতুন ৰাজনৈতিক দলৰ আত্মপ্রকাশৰ লগে লগে জাতীয়তাবাদী, আঞ্চলিকতাবাদী জনসাধাৰণ স্বাভাৱিকভাৱে অগপৰ প্রতি আকৃষ্ট হোৱাটো দলটোৰ বাবে শুভ লক্ষণ৷ সভাপতি বৰাই লগতে বর্তমানৰ তুলনাত অহা বিধানসভা নির্বাচনত অগপৰ ফলাফল যথেষ্ট ভাল হ’ব বুলি আশা প্রকাশ কৰে৷

You might also like