মকৰ সংক্রান্তিত উত্তৰ প্রদেশত উপলব্ধ হ’ব ভেকচিন
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘোষণা কৰিছে যে ৰাজ্যখনত মকৰ সংক্রান্তিৰ সময়ত ক’ভিড ভেকচিন উপলব্ধ হ’ব৷ অর্থাৎ জানুৱাৰী মাহৰ মাজভাগৰ পৰাই ৰাজ্যখনত ক’ৰোনাৰ গণ টিকাকৰণ হোৱাৰ সম্ভাৱনা আছে বুলি ইংগিত দিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ ক’ভিডৰ টিকাকৰণৰ আখৰা বর্তমান দেশৰ বিভিন্ন ৰাজ্যত চলি আছে৷ উত্তৰ প্রদেশত টিকাকৰণৰ আখৰা আৰম্ভ হ’ব মকৰ সংক্রান্তিৰ পূর্বে৷ কালি গোৰখপুৰত এক কার্যসূচীত অংশগ্রহণ কৰি যোগী আদিত্যনাথে এই কথাও উল্লেখ কৰে যে ক’ভিড–১৯ মহামাৰীক সম্পূর্ণৰূপে পৰাস্ত কৰিবলৈ ৰাজ্য চৰকাৰ সফল হ’ব৷ ৰাজ্য চৰকাৰে ক’ভিড মহামাৰীৰ বিৰুদ্ধে সমূহীয়া প্রচেষ্টা চলোৱা বুলিও উল্লেখ কৰে আদিত্যনাথে৷ আনকি ৰাজ্য চৰকাৰৰ এই প্রচেষ্টাক বিশ্ব স্বাস্থ্য সংস্থাই প্রশংসা কৰা বুলিও কালি মন্তব্য কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে।