নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানে পুনৰ মজুত কৰিব ২০ শতাংশ ইউৰেনিয়াম

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মধ্য প্রাচ্যৰ ৰাষ্ট্র ইৰানে ইয়াৰ ভূগর্ভস্থ ফ’র্ডো পাৰমাণৱিক ক্ষেত্রত ইউৰেনিয়ামৰ ভাণ্ডাৰ শীঘ্রে ২০ শতাংশ বৃদ্ধি কৰাৰ চিন্তা–চর্চা চলাইছে৷ এই কার্যৰ জৰিয়তে ইৰানে পাশ্চাত্যৰ দেশসমূহৰ ওপৰত চাপ বৃদ্ধি কৰাৰ এক নতুন কৌশল গ্রহণ কৰিছে বুলি বিভিন্ন সূত্রই সদৰী কৰিছে৷ উল্লেখনীয় যে দেশখনৰে আমেৰিকা আৰু ৬ ৰাষ্ট্রৰ যি পাৰমাণৱিক চুক্তি আছিল, সেই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে ড’নাল্ড ট্রাম্প প্রশাসনে৷ তেতিয়াৰে পৰা চুক্তিৰ বৈধতাক লৈ প্রশ্ণৰ অৱতাৰণা হৈছে৷ গতিকে পুনৰ এই চুক্তিক কার্যকৰী ৰূপ দিয়াৰ বাবে পাশ্চাত্য আৰু আমেৰিকাৰ ওপৰত চাপ সৃষ্টি কৰাৰ এক কৌশল ৰচিছে তেহৰান প্রশাসনে৷ স্মর্তব্য যে ২০১৮ চনত আমেৰিকাই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ পিছতেই মধ্য প্রাচ্যৰ দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি হোৱাইট হাউছৰ বিৰুদ্ধে পাৰস্য উপসাগৰীয় অঞ্চলত যুদ্ধৰো হংকাৰ দিছিল ইৰানে৷ অৱশ্যে আন্তর্জাতিক সম্প্রদায়ৰ হেঁচাৰ বাবে যুদ্ধৰ পথৰ পৰা আঁতৰি থাকে দুয়োখন দেশ।

You might also like