‘গাংগুলীৰ হূদযন্ত্র শক্তিশালী হৈ আছে’
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ হূদৰোগত আক্রান্ত সৌৰভ গাংগুলীৰ স্বাস্থ্যক লৈ দেশৰ ক্রিকেটপ্রেমী উদ্বিগ্ণ হ’লেও প্রাক্তন ক্রিকেটাৰগৰাকীৰ হূদযন্ত্র এতিয়াও ২০ বছৰ আগৰ দৰেই শক্তিশালী হৈ আছে৷ তেওঁৰ স্বাস্থ্যক লৈ শংকিত হ’বলগীয়া কোনো কাৰণ নাই৷ ভাৰতীয় ক্রিকেটৰ একালৰ অন্যতম শ্রেষ্ঠ অধিনায়কগৰাকীৰ স্বাস্থ্য সন্দর্ভত এই মত প্রকাশ কৰে দেশৰ প্রখ্যাত হূদৰোগ বিশেষজ্ঞ ড০ দেৱী ছেট্টীয়ে৷ যোৱা শনিবাৰৰ পৰা গাংগুলীৰ চিকিৎসা চলাই থকা কলকাতাৰ উডলেণ্ডছ হাস্পতালৰ ৯জনীয়া চিকিৎসকৰ দলক সাক্ষাৎ কৰি ড০ ছেট্টীয়ে কয় যে সৌৰভৰ শৰীৰত এতিয়া কোনো গুৰুত্বপূর্ণ সমস্যা নাই৷
সঠিক সময়ত তেওঁৰ সঠিক চিকিৎসা সম্পন্ন হোৱাৰ বাবে গাংগুলীৰ হূদযন্ত্র এতিয়াও ২০ বছৰীয়া যুৱকৰ দৰেই সুস্থ–সবল হৈ আছে৷ ইফালে, উডলেণ্ডছ হাস্পতালে আজি প্রকাশ কৰা অনুসৰি কাইলৈ গাংগুলীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ’ব৷