নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্পক গ্ৰেপ্তাৰৰ বাবে ইণ্টাৰপোলক এৰেষ্ট ৱাৰেণ্ট ইৰানৰ, আৰু ১৪দিন আছে ৰাষ্ট্ৰপতি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ইৰানে। ইৰানৰ মেজৰ জেনেৰেল কাছিম চুলেমানিৰ হত্যাৰ অভিযোগত ইণ্টাৰপোলক ৰেড নোটিচ প্ৰদান কৰে ইৰানে।

এই জাননী মতে ট্ৰাম্পৰ লগতে আমেৰিকা প্ৰশাসনৰ আন ৪৭গৰাকী বিষয়াৰ গ্ৰেপ্তাৰৰ বাবেও আহ্বান জনোৱা হৈছে। উল্লেখ্য যোৱা বৰ্ষৰ ৩ জানুৱাৰীত জেনেৰেল কাছিম চুলেমানিক হত্যা কৰা হৈছিল। অল জাজিৰাৰ প্ৰতিবেদন মতে, ইৰানে কাছিম চুলেমানিৰ হত্যাৰ প্ৰসংগক অতি গভীৰভাৱে গ্ৰহণ কৰিছে আৰু এই হত্যাত জড়িতসকলক শাস্তি বিহাৰ বাবে সম্পূৰ্ণৰূপে সাজু আছে।

২০২০তো ইণ্টাৰপোলক ট্ৰাম্পৰ গ্ৰেপ্তাৰৰ বাবে আহ্বান জনোৱা হৈছিল যদিও ইণ্টাৰপোলে সংবিধানৰ দোহাই দি এইক্ষেত্ৰত আগবাঢ়িব পৰা নাযাব বুলি জনাইছিল। এইবাৰ অৱশ্যে সংস্থাটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উল্লেখ্য অহা ২০ জানুৱাৰীত ট্ৰাম্পৰ কাৰ্যকাল অন্ত পৰিব। গতিকে ইৰানে পুনৰ এবাৰ ইণ্টাৰপোললৈ আহ্বান জনাইছে ট্ৰাম্পৰ গ্ৰেপ্তাৰৰ বাবে।

You might also like