পাঁচ আন্দোলনকাৰীৰ মৃত্যুঃ নিজাববীয়াকৈ গোচৰ ৰুজু মানৱ অধিকাৰ আয়োগৰ
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে হোৱা আন্দোলনত ৫ জন লোক নিহত হোৱাৰ লগতে ২৭ জন লোক আহত হোৱা সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম মানৱ অধিকাৰ আয়োগে ৷
সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত ২৭১৯/১৯–২০ নম্বৰৰ গোচৰ ৰুজু কৰি আয়োগে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে ৷ এই জাননীৰ জৰিয়তে কি পৰিস্থিতিত ৫জন লোক নিহত হোৱাৰ লগতে ২৭জন লোক আহত হ’বলগীয়া হ’ল, সেই সন্দর্ভত এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠন কৰিবলৈ নির্দেশ দিয়ে ৷
এই কমিটীখনে এমাহৰ ভিতৰত আয়োগক প্রতিবেদন দাখিল কৰিব লাগিব ৷ ২০ জানুৱাৰীত প্রতিবেদন দাখিল কৰিবলৈ আয়োগে সময় নির্ধাৰণ কৰি দিয়ে ৷ তদন্ত কমিটীখনক প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ১৭৫জন লোকক গ্রেপ্তাৰৰ কৰাৰ লগতে ১,৪০৬জন লোকক আটক কৰা কার্য সামৰি ল’বলৈ আয়োগে নির্দেশ দিছে ৷
উল্লেখ্য যে লোকসভা–ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত সমগ্র ৰাজ্যজুৰি বিভিন্ন দল–সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছিল ৷ বিশেষকৈ যোৱা ৯ ডিচেম্বৰৰ পৰা প্রতিবাদত সমগ্র ৰাজ্য উত্তাল হৈ পৰে ৷ প্রতিবাদৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্রান্তত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পৰিপ্রেক্ষিতত বলৱৎ কৰা হৈছিল সান্ধ্য আইন ৷ বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা ৷ প্রতিবাদ নিয়ন্ত্রণৰ বাবে আৰক্ষী–নিৰাপত্তাৰক্ষ্ চলোৱা গুলীচালনাত লাচিত নগৰ, হাতীগাঁও আৰু লালুংগাঁৱত ৫জন প্রতিবাদকাৰী নিহত হৈছিল ৷