নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্র উৎখাত

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্রই বিভিন্ন স্থানৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া বাহন চুৰি কৰি আহিছে৷ মহানগৰ আৰক্ষীৰ চকুত ধূলি দি আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্রটোৱে ধাৰাবাহিকভাৱে মালিগাঁও, জালুকবাৰী, ভৰলুমুখ, উজানবজাৰ, আমবাৰী, গণেশগুৰিকে ধৰি বিভিন্ন স্থানৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া বাহন চুৰি কৰি আহিছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাই আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্রটোৰ সৈতে জড়িত সাতটাকৈ গভাইত চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কালি গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কেইবাটাও স্থানত অভিযান চলাই বাইক চোৰকেইটাক গ্রেপ্তাৰ কৰাৰ লগতে পাঁচখনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত বাইক চোৰকেইটা ক্রমে ছয়গাঁৱৰ হাতীপাৰাৰ ছহিদুল আলী (৩৩), সোণতলীৰ নাদিৰ আলী (৩১), গৰৈমাৰীৰ ইছমাইল আলী (৩২), গড়চুকৰ ৰাজীৱ আলী (৩০), গৰৈমাৰীৰ জাহিদুল ইছলাম (৩২), বৰপেটাৰ গোৱর্ধনাৰ ৰাহুল বর্মন (৩২) আৰু নগৰবেৰাৰ শিমলিতলীৰ নজৰুল শ্বেইখ (৩০)৷

আৰক্ষীৰ জেৰাত ধৃত চোৰকেইটাই মহানগৰীত বাহৰ পাতি বাইক আৰু চাৰিচকীয়া বাহন চুৰি কৰি মণিপুৰ, নাগালেণ্ড, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰতো বিক্রী কৰি অহাৰ কথা স্বীকাৰ কৰিছে৷ এই গাড়ী চুৰি চক্রটোৱে কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গাড়ী চুৰি কৰি বহিঃৰাজ্যত বিক্রী কৰি আহিছে৷ গুৱাহাটী মহানগৰীতে গাড়ী চুৰি চক্রটোৰ সৈতে জড়িত ৫০টাৰো অধিক সদস্য সক্রিয় হৈ আছে৷ এই গাড়ী চুৰি চক্রটোৰ ২০জনৰো অধিক সদস্যই মেঘালয়ৰ খানাপাৰাৰ এটা দুর্গম অঞ্চলত ৩০খনৰো অধিক চুৰি বাইক জমা কৰি ৰাখিছে বুলি আৰক্ষীৰ এক সূত্রই জানিবলৈ দিছে৷ এই গাড়ী চুৰি চক্রটোৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছে যদিও এতিয়ালৈকে চক্রটোক জালত পেলাব পৰা নাই৷ আৰক্ষীয়ে বাইক চোৰকেইটাৰ পৰা এছ ২৫–৮২৫৯, এছ ২৫–জি ৮২৫৯, এছ ০১ বি–১৮৩৯ আৰু দুখন নম্বৰপ্লেটবিহীন চুৰি বাইক উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত ৰুজু হোৱা ৭২২/২০ আৰু ৭০৩/২০ নম্বৰৰ গোচৰৰ ভিত্তিত চোৰকেইটাক আজি আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে আটাইকেইটা চোৰক চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে ধৃত চোৰকেইটাক জেৰা অব্যাহত ৰাখিছে৷

You might also like