ট্রাম্পৰ একাউন্ট বন্ধ কৰিলে টুইটাৰ ফেছবুক আৰু ইনষ্টাগ্রামে
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ডনাল্ড ট্ৰাম্পৰ একাউণ্ট সাময়িকভাবে ব্লক কৰি দিল টুইটাৰ, ফেছবুক আৰু ইনষ্টাগ্ৰামে। জনা গৈছে যে, প্রৰোচনা মূলক পোষ্ট কৰাৰ অভিযোগত তেওঁৰ সকলো সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰা হৈছে। পুনৰবাৰ টুইটাৰৰ তৰফৰ পৰা কোৱা হৈছে, ট্রাম্পে যদি এনে ধৰণৰ আপত্তিকৰ টুইট কৰা বন্ধ নকৰে, তেন্তে তেওঁক আগন্তক দিনত একাউণ্ট খুলিবলৈ অনুমতি দিয়া নহ’ব।
বৃহস্পতিবাৰে জো বিডেনক আনুষ্ঠানিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হ’ব। তাৰ কেইঘণ্টামান আগতে গৰম হৈ পৰে ৱাশ্বিংটন ডিচি। মার্কিন কংগ্রেছৰ কেপিটেল বিল্ডিংত আক্ৰমণ চলায় ডোনাল্ড ট্রাম্পৰ সমর্থকসকলে।