নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন আৱেদনৰ চূড়ান্ত ৰায় প্রদানৰ দিন আছিল আজি। কিন্তু জামিন পুনৰ নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

নিয়াৰ প্ৰথমটো গোচৰৰ বাবে আজি জামিন নাকচ কৰাৰ ফলত পুনৰ জেলতে দিন কটাব লাগিব গগৈয়ে। ন্যায়াধীশ কল্যাণ ৰায় খুৰানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ খণ্ড বিচাৰপীঠে এই গোচৰটোৰ ৰায় প্রদান কৰে।

উল্লেখ্য যে কেইবাটাও গোচৰত কৃষক নেতাজনক গ্রেপ্তাৰ কৰা হৈছিল৷ ইতিমধ্যে বিভিন্ন আৰক্ষী থানাত ৰুজু হোৱা গোচৰত তেওঁ জামিন লাভ কৰিছে যদিও ‘নিয়া’ই ৰুজু কৰা ১৩/২০১৯ নম্বৰৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

কৃষক মুক্তি সংগ্রাম সমিতিৰ ঔৰসত জন্ম লাভ কৰা ৰাইজৰ দলৰ আজিৰে পৰা মৰাণত অনুষ্ঠিত হোৱা ৰাজ্যিক অভিৱর্তনৰ সময়ত নেতাগৰাকীৰ জামিন নাকচে মৰ্মাহত কৰিছে ৰাইজৰ দলক।

You might also like