নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটাকৈ কেচ ড্রপ ঋষভ পণ্টৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ উইকেটৰ পিছফালে ঋষভ পণ্টৰ দুর্বলতা পুনৰ এবাৰ উন্মোচিত হ’ল৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ছিডনী ক্রিকেট গ্রাউণ্ডত আজিৰে পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টৰ প্রথম দিনা উদীয়মান উইকেটৰক্ষকগৰাকীয়্ দুটাকৈ কেচ ড্রপ কৰি টীম ইণ্ডিয়াক বিপদত পেলায়৷ অষ্ট্রেলিয়ান ইনিংছৰ ২২সংখ্যক অভাৰত ৰবিচন্দ্রন অশ্বিনৰ এটি সুন্দৰ বলে উইল পুক’ভস্কিৰ বেটৰ কাষ চুই যায় যদিও পণ্টে বলটো দক্ষতাৰে আয়ত্ত কৰিব নোৱাৰিলে৷

২৫সংখ্যক অভাৰত অষ্ট্রেলিয়ান অ’পেনাৰগৰাকীক পণ্টে আন এক জীৱনদান দিয়ে৷ মহম্মদ চিৰাজৰ এটা শ্বর্ট বল খেলিবলৈ চেষ্টা কৰাৰ সময়তে পুক’ভস্কিয়ে উইকেটৰ পিছফালে পণ্টক আন এটা কেচৰ সুযোগ দিয়ে যদিও ভাৰতীয় উইকেটৰক্ষকগৰাকীয়্ এই সুযোগো দুহাতেৰে গ্রহণ কৰাত ব্যর্থ হয়৷ পণ্টৰ হাতত দুবাৰকৈ জীৱনদান পোৱাৰ পিছতো পুক’ভস্কিয়ে অৱশ্যে ৬২ ৰানত নৱদীপ ছাইনীৰ বলত আউট হয়৷

You might also like