ধঁপাত জাতীয় সামগ্রীৰ নিষেধাজ্ঞা এবছৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধীনত গুটকা, পাণমছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্রীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ, প্রদর্শন বা বিক্রীৰ ক্ষেত্রত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰলৈবৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ দাবীৰ ভিত্তিত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তই ২০১৯ চনৰ নৱেম্বৰ মাহত প্রথমবাৰৰ কাৰণে অসমত গুটকা, পাণমছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্রীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্রীৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰি নির্দেশনা জাৰি কৰিছিল৷ বিগত বর্ষৰ ১১ নৱেম্বৰলৈ এই নিষেধাজ্ঞাৰ ম্যাদ আছিল৷
কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাৰ নেতৃত্বত ফ’ৰামৰ প্রতিনিধি দল এটাই বিগত বর্ষৰ ১১ নৱেম্বৰত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক সাক্ষাৎ কৰি এই নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধিৰ দাবী উত্থাপন কৰে৷ ফ’ৰামে আয়ুক্ত সচিবগৰাকীক এই সন্দর্ভত এখন পত্রও প্রদান কৰে৷ নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনাই ফ’ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে বর্তমানৰ ক’ভিডজনিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আই চি এম আৰ, কেন্দ্র আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰৰ ক্ষেত্রত বাধা আৰোপ কৰিছে৷ ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিনযুক্ত গুটকা, পাণমছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই জনস্বাস্থ্যৰ ওপৰত নিশ্চয় আশানুৰূপ প্রভাৱ পেলাব৷