নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পক লৈ অস্থিৰতা

বিদায়ৰ সময়তো আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক কেন্দ্র কৰি দেশখনৰ ৰাজনীতি উত্তাল হৈছে৷ যোৱা সপ্তাহত প্রৰোচনামূলক মন্তব্যৰে সমর্থকসকলক মার্কিন কংগ্রেছত আক্রমণ কৰাৰ আহ্বান জনোৱা ট্রাম্পক অন্তিম মুহূর্ততো মহাভিযোগৰ জৰিয়তে ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে ডেমক্রেটিক সাংসদসকলে৷ মার্কিন কংগ্রেছৰ মুৰব্বী নানচি পেল’ছিয়ে উপ–ৰাষ্ট্রপতি মাইক পেঞ্চৰ ওপৰত ইতিমধ্যে চাপ সৃষ্টি কৰিছে৷ পেল’ছিয়ে দাবী কৰিছে যে আমেৰিকাৰ ইতিহাসত নজিৰবিহীন সংসদ আক্রমণৰ ঘটনাত অৰিহণা যোগোৱা ট্রাম্পক ২০ জানুৱাৰীৰ পূর্বেই ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে উপ–ৰাষ্ট্রপতি মাইক পেঞ্চে৷ সংবিধানৰ ২৫ সংখ্যক সংশোধনীৰ জৰিয়তে ট্রাম্পক হোৱাইট হাউছৰ বাবে অযোগ্য ঘোষণা কৰিবলৈ পেঞ্চে এক প্রস্তাৱ গ্রহণ কৰিব লাগে বুলিও সাংসদসকলে দাবী জনাইছে৷ অৱশ্যে উপ–ৰাষ্ট্রপতি পেঞ্চে ট্রাম্পৰ বিৰুদ্ধে এনে মহাভিযোগৰ ধাৰণাক অগ্রাহ্য কৰিছে৷ জ’ বাইডেনক আনুষ্ঠানিকভাৱে ছিনেট আৰু কংগ্রেছে ৰাষ্ট্রপতি নির্বাচনত বিজয়ী ঘোষণা কৰিবলৈ বিতর্ক চলাই থকা সময়তে কেপিটেল হিলস্থিত সংসদত ট্রাম্পৰ সমর্থকসকলে আক্রমণ চলাইছিল৷ আক্রমণকাৰীক প্রতিহত কৰিবলৈ আৰক্ষীয়ে চলোৱা গুলীচালনাত এগৰাকী মহিলাকে ধৰি নিহত হৈছিল চাৰিগৰাকী লোক৷ এই ঘটনাত অন্য কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল৷ পৰৱর্তী সময়ত আহত আৰক্ষী বিষয়া এগৰাকীয়েও প্রাণত্যাগ কৰে৷ আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত এনে লজ্জানত কাণ্ড সংঘটিত হোৱাৰ লগে লগে বিশ্বৰ কেইবাখনো দেশৰ শীর্ষ নেতাসকলে ট্রাম্পক গৰিহণা দিয়ে৷ পৰিস্থিতি অতি বিষম হৈ পৰা যেন দেখি প্রথমবাৰৰ বাবে ড’নাল্ড ট্রাম্পে বিগত ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেনৰ হাতত পৰাভূত হোৱা বুলি স্বীকাৰ কৰে৷ কিন্তু ইয়াৰ পূর্বলৈকে ট্রাম্পে নির্বাচনত বাইডেনে প্রৱঞ্চনাৰ আশ্রয় লৈ বিজয়ী হোৱা বুলি ঘোষণা কৰি আছিল৷ আনকি ৰাষ্ট্রপতিৰ পদ এৰি নিদিয়ে বুলিও ট্রাম্পে উল্লেখ কৰিছিল৷
আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত ট্রাম্প এগৰাকী শীর্ষ নেতা, যাক লৈ দেশখনত কেৱল প্রতিবাদ আৰু অস্থিৰতা তুংগত উঠিছে৷ ২০১৬ চনৰ নির্বাচনত ট্রাম্পে জয়লাভ কৰাৰ পিছতে শীর্ষ নেতাগৰাকীক মহাভিযোগৰ জৰিয়তে ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছিল৷ আনকি ট্রাম্পক দেশখনৰ বহু নাগৰিকে তেওঁলোকৰ ৰাষ্ট্রপতি নহয় বুলি ঘোষণা কৰিছিল৷ চাৰি বছৰীয়া কার্যকালত ট্রাম্পৰ বিভিন্ন অবিবেচকী সিদ্ধান্তৰ বাবে আমেৰিকাবাসী আন্তর্জাতিক ক্ষেত্রত লজ্জানত হ’বলগীয়া হৈছিল৷ সেই একেগৰাকী নেতাই নির্বাচনত পৰাজিত হৈ দেশখনৰ সংসদত যি কালিমা সানিলে তাক লৈ দেশবাসী বিশ্ব সম্প্রদায়ৰ সন্মুখত লজ্জানত হৈছে৷ গতিকে এনে এগৰাকী নেতাক শান্তিপূর্ণভাৱে ক্ষমতাৰ পৰা বিদায় দিয়াৰ পৰিৱর্তে মহাভিযোগৰ জৰিয়তে অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে৷ একাংশ ৰিপাব্লিকান ছিনেটৰেও ট্রাম্পে মহাভিযোগৰ সন্মুখীন হ’বলগীয়া অপৰাধ সংঘটিত কৰা বুলি ধাৰণা কৰিছে৷ ইফালে আঁকোৰগোজ নেতাগৰাকীয়ে শাসনত থকা অন্তিম দিনকেইটাত বিশ্বত এখন পৰমাণু যুদ্ধৰ সূচনা কৰিব পাৰে বুলিও আশংকা কৰিছে ডেমক্রেটিক সাংসদসকলে৷ গতিকে ২০ জানুৱাৰীত বাইডেনে আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতিৰ দায়িত্ব লোৱাৰ পূর্বে আমেৰিকাজুৰি এতিয়া আৰম্ভ হৈছে অস্থিৰতা তথা আতংক৷ ট্রাম্পে এই কম সময়ৰ ভিতৰত আমেৰিকাত এখন ভয়ংকৰ গণবিধ্বংসী যুদ্ধৰ মুখামুখি কৰাব নেকি বুলিও বিশেষজ্ঞ মহলৰ মাজত বিষয়টোক লৈ চর্চা চলিছে৷

You might also like