ক’ৰোনা উত্তৰ কালৰ গ্রন্থমেলা
অসম প্রকাশন পৰিষদে আয়োজন কৰা গুৱাহাটী গ্রন্থমেলা বিপুল জনসমাগম আৰু আশাপ্রদ গ্রন্থবিক্রিৰে সমাপ্ত হ’ল৷ কৰ’নাই বহুদিন মানুহক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল আৰু গ্রন্থমেলাই সেইসকল লোকক বাহিৰলৈ অহাৰ যুক্তিসংগত কাৰণ এটি দিলে৷ আনহাতে পুথি প্রকাশক আৰু বিক্রেতা সন্থাই পূর্বতে কৰাৰ দৰে এইবাৰ এই গ্রন্থমেলাখনৰ বিৰোধিতা নকৰিলে৷ হয়তো কৰ’নাৰ আঘাতত দুর্বল হৈ পৰা গ্রন্থ ব্যবসায়ে নিজৰ স্বার্থতেই এই গ্রন্থমেলাৰ বিৰোধিতা নকৰি তাত সহযোগ কৰি নিজৰ ব্যবসায়ৰ মংগলৰ কথা ভাবিলে আৰু এই কথাটো সকলোৰে বাবে ভাল কথাই হৈছে৷ কথা হ’ল চৰকাৰৰ বিৰোধিতা কৰা কিছু সংখ্যক লোক সদায়েই থাকে, গণতন্ত্রত সেইটো স্বাভাবিক কথা৷ কিন্তু সেই ৰাজনৈতিক মতবিৰোধৰ বাবে সাধাৰণ পাঠক, লেখক আৰু ব্যবসায়ীসকলক পণবন্দী কৰা বা তেওঁলোকৰ ক্ষতি কৰা একো ভাল কথা হ’ব নোৱাৰে৷ গ্রন্থ প্রকাশক আৰু বিক্রেতা সন্থাৰ এই মত পৰিবর্তন কেৱল কিতাপৰ ব্যবসায়ৰ স্বার্থতেই সন্দেহাতীত ভাবে আদৰণীয়৷ কিন্তু এইবাৰো গ্রন্থমেলাৰ বিৰুদ্ধাচৰণ কৰিবলৈ এটি দল সাজু হৈছিল, বিৰুদ্ধাচৰণ আৰম্ভ কৰিছিল যদিও, সেই বিদ্রোহ কলিতেই জয় পৰি গৈছিল আৰু চৰকাৰৰ সদা–সমালোচক আৰু বিৰোধী ৰাজনৈতিক দলৰ সদস্য, শ্লিপাৰ চেলৰ কর্মী–সকলোৱে আহি নিজৰ মতাদর্শৰ কিতাপ বিক্রি কৰিছিল, গ্রন্থ উন্মোচনত ভাগ লৈছিল, সভাত অংশগ্রহন কৰি নিজৰ মত প্রকাশ কৰিছিল আৰু গ্রন্থৰ এই উৎসৱ সফল কৰি তোলাত সহযোগ কৰিছিল৷ গণতন্ত্রত এনে উদাহৰণ সঁচাকৈয়ে আদর্শনীয়৷ ৰাজনৈতিক মতবিৰোধ স্বাভাবিক কথা, কিন্তু গ্রন্থৰ বৃহত্তৰ স্বার্থত এই বিৰোধ পৰিত্যাগ কৰি সকলো এখন মঞ্চত সমবেত হোৱাটো বা সকলোকে একেখন মঞ্চত সমবেত কৰাব পৰাটো আয়োজকৰ কৃতিত্ব আৰু এই কৃতিত্বই এক কথাত যোৱা কেইবছৰমানৰ পৰা দুর্বল হৈ পৰা গ্রন্থৰ বিকাশৰ পথটো সবল কৰাত সহায় কৰিছে৷ এইবাৰৰ গ্রন্থমেলাত বিক্রেতাৰ অংশগ্রহনৰ সংখ্যা অভাবনীয় ভাবে বৃদ্ধি হোৱাৰ কাৰণ আছিল যে বহুতে ভাবিছিল যে এবাৰ চৰকাৰে গ্রন্থমেলাত কিতাপ কিনিবলৈ কলেজবোৰক অর্থসাহার্য দিয়াৰ দৰে এইবাৰো হয়তো তেনেকুৱা কিবা আঁচনিৰ প্রবর্তন কৰিব৷ কিন্তু চৰকাৰে তেনেকুৱা কোনো আঁচনিৰ প্রচলন নকৰাৰ পাচতো গ্রন্থমেলাত কিতাপৰ বিক্রিৰ পৰিমাণ সকলোৰে বাবে আশাব্যঞ্জকেই আছিল৷ কিন্তু একেলগে আন এটা কথাৰো ইংগিত বহন কৰে যে স্কুলীয়া পাঠ্যপুথিৰ দায়িত্ব চৰকাৰে হাতত লোৱাৰ ফলত দুর্বল হৈ পৰা গ্রন্থ ব্যবসায়ক এনেদৰে হলেও কিছু সহায় কথাৰ কথা চিন্তা কৰাৰ থল আছে৷
অসমত গ্রন্থমেলা আৰম্ভ হোৱা তিনি দশকৰো অধিক হৈ গ’ল৷ এই তিনিটা দশকত অসমৰ সামাজিক–র্থনৈতিক– আদি সকলো দিশতেই ব্যাপক পৰিবর্তন ঘটিছে৷অকল ইমানেই নহয়, মানুহৰ ৰুচিবোধ আৰু প্রয়োজনৰো ব্যাপক পৰিবর্তন ঘটিছে৷ কিন্তু অসমৰ গ্রন্থমেলাবোৰত এই পৰির্বতনবোৰৰ কোনো প্রতিফলন নাই৷ তিনি দশক আগতে গ্রন্থমেলাৰ যি দৃশ্যগত আৰু চৰিত্রগত চেহেৰা আছিল তাক উল্লেখ কৰা পৰিবর্তনবোৰে স্পর্শ কৰিব পৰা নাই৷ বিগত বছৰটোক কৰ’নাই সমাজ জীৱনলৈ যি পৰিবর্তন আনিলে তাৰ সামান্যতমো প্রতিফলন গ্রন্থমেলাত নাই৷ কাগজত ছপা হোৱা গ্রন্থৰ আদৰ সদায় থাকিব বুলি গ্রন্থমেলা চৌহদত ছপা গ্রন্থৰ প্রতি আবেগিক হৈ ভাষণ দিয়া বিজ্ঞ বহুলোকেই এতিয়াও উপলব্ধি কৰিব পৰা নাই যে মহাবিদ্যালয় পর্যায়ৰ পৰা যিসকল ছাত্রৰ বাবে কম্পিউটাৰ শিক্ষা ব্যবস্থাৰ অংগ হৈ পৰিছে তেওঁলোকৰ পঠন অভ্যাস ভালেখিনি সলনি হৈ গৈছে৷তেওঁলোকৰ বাবে ইংৰাজী ভাষাত তেনে ধৰণৰ ব্যবস্থাত পঠন সামগ্রীও ওলাইছে, কিন্তু এই দিশবোৰৰ কথা অসমৰ প্রকাশকে ভবা নাই৷ কৰ’নাৰ সময়ত অসমত অনলাইন ব্যবস্থাৰে কিতাপ বিক্রি কৰা ব্যবস্থা এটি জনপ্রিয় হৈ পৰিছিল৷ সাহিত্য চর্চাৰ বাবে ছছিয়েল মিডিয়া এতিয়া এটা জনপ্রিয় আৰু সহজলভ্য মাধ্যম হৈ পৰিছে, যোৱা কেইবছৰমানত ইয়াৰ প্রভাব বৃদ্ধি পাইছে৷ এনেবোৰ কথা কিতাপৰ ব্যবসায়ৰ মেলাত আলোচিত হোৱা উচিত আছিল যাতে পৰিবর্তিত সময়ৰ লগত কিতাপৰ ব্যবসায় তাল মিলাই আগবাঢ়ি যাব পাৰে৷ কিন্তু তাকে নকৰি আওপুৰণি বিষয় কিছুমান আলোচনা কৰি থকা বিভিন্ন ধৰণৰ ভাষণে কৰ’না উত্তৰ কালৰ গ্রন্থমেলা এখনক কোনো ধৰণে সহায় কৰিব নোৱাৰে৷ এয়া অকল আয়োজকৰ দায়িত্ব নহয়, অংশগ্রহনকাৰীসকল্ দায়িত্ব৷