নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ জৰিয়তে পুনৰ ক্ষমতালৈ অহাৰ পূর্ণ প্রস্তুতি আৰম্ভ কৰা শাসকীয় দলটো উদ্বুদ্ধ কৰিবলৈ অহা ২৩ জানুৱাৰীত অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আনুষ্ঠানিকভাৱে উজনি অসমত নির্বাচনৰ ৰণডংকা বজাবলৈ শিৱসাগৰত উপস্থিত হ’ব লগা নৰেন্দ্র মোদীৰ এই আগমনৰ পাছতেই কার্যতঃ নির্বাচনৰ প্রচাৰ অভিযানত নামি পৰিব ৰাজ্যিক বিজেপি৷ প্রধানমন্ত্রীৰ আগমনক লৈ ইতিমধ্যে চৰকাৰ তথা দলৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা৷ আনহাতে, উজনি অসমৰ শিৱসাগৰ পৰিণত হৈছে ৰাজনীতিৰ অভিকেন্দ্রলৈ৷ উল্লেখ্য যে অহা ২৩ জানুৱাৰীত শিৱসাগৰত উপস্থিত হ’ব লগা প্রধানমন্ত্রী মোদীয়ে শিৱসাগৰ চহৰৰ চাৰি কিলোমিটাৰ নিলগৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল গণ সমাৱেশত অংশগ্রহণ কৰিব৷ এই সভাৰ পৰাই বিধানসভা নির্বাচনৰ বাবে ৰণডংকা বজাব লগা প্রধানমন্ত্রীগৰাকীয়্ উক্ত সভাতেই ৰাজ্যৰ এক লাখ ভূমিহীনক প্রদান কৰিব মাটিৰ পট্টা৷ জাতি–মাটি–ভেটি ৰক্ষাৰ শ্লোগানক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতেৰেই ৰাজ্য চৰকাৰখনে এক লাখ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্রদানেৰে আৰম্ভ কৰিব নির্বাচনী কুচকাৱাজ৷ উল্লেখ্য যে বিধানসভা নির্বাচনক লৈ এক পৰিকল্পিত ৰোড মেপ প্রস্তুত কৰি লোৱা বিজেপিয়ে ইতিমধ্যে দলৰ সাংগঠনিক কার্যসূচী তীব্রতৰ কৰি তোলাৰ সময়তে বৰাকত আনুষ্ঠানিকভাৱে বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান চলালে দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ বৰাকৰ পাছতেই ২৩ জানুৱাৰীত উজনিত ৰণডংকা বজাব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আনহাতে, তাৰ পিছদিনাই অর্থাৎ ২৪ জানুৱাৰীত অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বি টি আৰ চুক্তিৰ এবছৰ সম্পূর্ণ হোৱা উপলক্ষে কোকৰাঝাৰলৈ আহিব লগা গৃহমন্ত্রীগৰাকীয়ে নলবাৰীতো এখন বিশাল জনসভাত ভাগ লৈ নামনি অসমত নির্বাচনী প্রচাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব৷
ইফালে ২৩ জানুৱাৰীত অসমলৈ আহিব লগা প্রধানমন্ত্রী মোদীৰ শিৱসাগৰ জিলা ভ্রমণক লৈ প্রশাসন তথা আৰক্ষীৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা৷ মোদীৰ ভ্রমণসূচী চূড়ান্ত হোৱাৰ পাছতেই কালি যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, ৰাজ্যিক মন্ত্রী যোগেন মহন, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ লগতে ৰাজ্যৰ প্রশাসনৰ এক বৃহৎ দলে কালি ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হৈ সভাস্থলী পৰিদর্শন কৰে৷ উল্লেখ্য যে আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া স্বর্ণিল অধ্যায়ৰ সৈতে ইতিহাসপ্রসিদ্ধ জেৰেঙা পথাৰৰ এক জীৱন্ত বুৰঞ্জী নিহিত হৈ আছে৷ এই জেৰেঙা পথাৰৰ পৰাই ৰাজ্যৰ খিলঞ্জীয়াক ভূমি পট্টা প্রদান কৰি বিজেপিয়ে জাতি–মাটি–ভেটি ৰক্ষাৰ প্রতিশ্রুতি পূৰণৰ এক ছবি দাঙি ধৰাৰ প্রয়াস কৰিছে৷ প্রধানমন্ত্রী মোদীৰ ভ্রমণক লৈ আজি ডিব্রুগড়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু অগপ সভাপতি অতুল বৰাৰ সৈতে উজনিৰ ১১খন জিলাৰ বিধানসভা সমষ্টিৰ বিধায়ক, জিলা বিজেপিৰ প্রভাৰীসকলৰ লগতে সাংগঠনিক বিষয়ববীয়া, অগপৰ জিলা সভাপতি, সম্পাদকসকলৰ এক দীঘলীয়া বৈঠক অনুষ্ঠিত হয়৷ ডিব্রুগড়ৰ কিৰণ বিবাহ ভৱনত অগপ–বিজেপিৰ এই যৌথ বৈঠকত মুখ্যতঃ প্রধানমন্ত্রীৰ ভ্রমণ সন্দর্ভত বিস্তৃত আলোচনা কৰাৰ লগতে আন সাংগঠনিক বিষয়তো আলোচনা হয়৷ এই সন্দর্ভত অগপ সভাপতি অতুল বৰাই কয় যে প্রথমবাৰৰ বাবে অসমত লক্ষাধিক লোকক ভূমি পট্টা প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ পূর্বতে কোনো চৰকাৰে এনেদৰে খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিয়াৰ নজিৰ নাই৷ এয়া অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও প্রধানমন্ত্রী মোদীয়ে অসম তথা উত্তৰ–পূবৰ প্রতি থকা গভীৰ প্রেমৰ বাবে শিৱসাগৰত উপস্থিত হ’ব বুলি মন্তব্য কৰে৷ উল্লেখ্য যে ২৩ জানুৱাৰীত হ’ব লগা বিশাল গণ সমাৱেশত দুই লক্ষাধিক লোকক সমৱেত কৰোৱাৰ বাবে বিজেপিয়ে ইতিমধ্যে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে৷ আজিৰ বৈঠকত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, মন্ত্রী সঞ্জয় কিষাণ, যোগেন মহন, সাংসদ তপন গগৈ, প্রদান বৰুৱা, কামাখ্যা তাছাৰ লগতে কেইবাজনো দলীয় নেতা উপস্থিত থাকে৷
অহা সপ্তাহত অসমলৈ দেশৰ মুখ্য নির্বাচন আয়ুক্ত
সমাগত অসম বিধানসভা নির্বাচন সফল তথা শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ এতিয়াৰে পৰা সকলো ধৰণে প্রস্তুতি অব্যাহত ৰাখিছে দেশৰ নির্বাচন আয়োগে৷ নির্বাচনৰ প্রস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আয়োগৰ এটা উচ্চ পর্যায়ৰ দলে ইতিমধ্যে অসম ভ্রমণ কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ উপৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া আদিৰ সৈতে বৈঠকত মিলিত হৈছে৷ উচ্চ পর্যায়ৰ দলটোৱে ভ্রমণসূচী সামৰি নতুন দিল্লীলৈ উভতি যোৱাৰ পাছত এইবাৰ অসমলৈ আহিব দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰা, নির্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ৷ ‘সম্পূর্ণ নির্বাচন আয়োগ’–এ অহা সপ্তাহত অসমলৈ অহাৰ সম্ভাৱনা আছে৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ নেতৃত্বত আয়োগে নির্বাচন অনুষ্ঠিতব্য চুবুৰীয়া ৰাজ্য পশ্চিমবংগও ভ্রমণ কৰিব৷ উল্লখ্য যে নির্বাচনী প্রস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে যোৱা ১১ জানুৱাৰীত অসমত উপস্থিত হৈছিল নির্বাচন আয়োগৰ সঞ্চালকপ্রধান ধর্মেন্দ্র শর্মাৰ নেতৃত্বত এটা ছজনীয়া দল৷ দলটোত আছিল জ্যেষ্ঠ প্রধান সচিব নৰেন্দ্র নাথ বুটোলিয়া, সঞ্চালক (ব্যয়) পি শ্রীবাস্তৱ, সঞ্চালক (তথ্য–প্রযুক্তি) কমল আগৰৱালা, সঞ্চালক (আইন) বিজয় পাণ্ডে আৰু ই ভি এম কনচালটেণ্ট বিপিন কাটাৰা৷