নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ডৰ লগতে ক’ভাক্সিনো দেশজুৰি আৰম্ভ হোৱা গণ টিকাকৰণত ব্যৱহাৰ কৰা হৈছে যদিও দেশীয়ভাৱে বিকশিত প্রথম ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনক লৈ প্রতিক্রিয়া অব্যাহত আছে৷ দেশৰ ভিন্ন প্রান্তত কেইবাখনো চিকিৎসালয়ে ক’ভাক্সিনৰ সলনি ক’ভিশ্বিল্ডক প্রাধান্য দিছে৷ নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ আৱাসিক চিকিৎসকসকলে ক’ভাক্সিন ল’বলৈ অসন্মতি প্রকাশ কৰিছে৷ ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ সম্পূর্ণ নকৰাৰ বাবে হাস্পতালখনৰ আৱাসিক চিকিৎসকসকলে ভেকচিনটো নলয় বুলি ইতিমধ্যে পত্রযোগে চিকিৎসালয়খনৰ অধীক্ষকক অৱগত কৰিছে৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে দুয়োটা ভেকচিনৰ মাজত পছন্দ কৰাৰ কোনো প্রশ্ণ উত্থাপন হ’ব নালাগে বুলি ইতিপূর্বে স্পষ্ট কৰি দিয়াৰ পাছতো লোহিয়া হাস্পতালৰ চিকিৎসকসকলে ক’ভিশ্বিল্ডকহে প্রধান্য দিছে৷ বিতর্কত সাঙোৰ খাই থকা ক’ভাক্সিন বিকশিত কৰাৰ লগতে প্রস্তুতকাৰী ভাৰত বায়’টেকে ক’ভাক্সিন প্রয়োগ কৰাৰ ফলত গভীৰ পার্শ্বক্রিয়া হ’লে তেনে ব্যক্তিক ক্ষতিপূৰণ দিব বুলি নিশ্চিতি দিছে৷
তদুপৰি ভাৰত বায়’টেকে ভেকচিন প্রদানকাৰীৰ পৰা সন্মতিসূচক স্বাক্ষৰ প্রদান কৰা প্র–পত্রত ক্ষতিপূৰণৰ বিষয়টো সন্নিৱিষ্ট কৰিছে৷ ড্রাগ্ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ক’ভিশ্বিল্ডৰ লগতে ক’ভাক্সিনক জৰুৰীকালীন প্রয়োগত অনুমতি প্রদান কৰিছে যদিও ক’ভাক্সিনে অন্তিম পর্যায় তথা তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ সম্পূর্ণ নকৰাকৈ এই অনুমতি লাভ কৰাৰ বাবে বিতর্কত সাঙোৰ খাই পৰিছিল৷ কিন্তু পিছলৈ ভাৰত বায়’টেকে তেওঁলোকৰ ক’ভাক্সিনৰ নিৰাপদ আৰু ফলপ্রসূতা সন্দর্ভত স্পষ্টীকৰণ দিয়ে৷ কেন্দ্রীয় চৰকাৰে ভাৰত বায়’টেকক ক’ভাক্সিনৰ ৫৫ লাখ ড’জৰ অর্ডাৰ দিছে৷ উল্লেখ্য যে প্রথম আৰু দ্বিতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ সময়ত ক’ভাক্সিনে দেখুওৱা ফলপ্রসূতাৰ আধাৰতেই জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্রদান কৰিছে ডি চি জি আয়ে৷
ইপিনে, ভাৰতত এষ্ট্রাজেনেকা–ক্সফ’ডৰ ক’ভিড ভেকচিন ক’ভিশ্বিল্ড বিকশিত আৰু উৎপাদনকাৰী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনাৱালাই ল’লে ভেকচিনৰ প্রথম ড’জ৷ পুনেস্থিত ছিৰাম ইনষ্টিটিউটৰ চি ই অ’ পুনাৱালাই ভেকচিনৰ ড’জ লোৱা ভিডি’ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ প্রেৰণ কৰি দেশজুৰি আৰম্ভ হোৱা টিকাকৰণ অভিযানৰ সফলতাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ চি ই অ’ পুনাৱালাই টুইটাৰত ক’ভিশ্বিল্ড লোৱা ভিডি’ আপলোড কৰি কয়– মই ভাৰত আৰু শ্রীনৰেন্দ্র মোদীজীক বিশ্বৰ বৃহত্তম ক’ভিড টিকাকৰণ অভিযানৰ বৃহৎ সফলতাৰ শুভকামনা কৰিছোঁ৷ ইয়ে মোক গৌৰৱান্বিত কৰিছে এই কাৰণেই যে ঐতিহাসিক পদক্ষেপত ক’ভিশ্বিল্ডো এটা অংশ হ’ব পাৰিছে৷ এই ভেকচিনে নিৰাপদ আৰু ফলপ্রসূতা দেখুৱাব৷ মই আমাৰ স্বাস্থ্যকর্মীৰ সৈতে অংশ লৈ নিজেও ভেকচিন গ্রহণ কৰিলোঁ৷