নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ মুকলি কৰাৰ পাছতে কেন্দ্রীয় স্বাস্থমন্ত্রী ডাঃ হর্ষবর্ধনে ক’ভিড হিতাধিকাৰীয়ে নিজৰ নাম কোউইনত (ক’ভিড ভেকচিন ইণ্টেলিজেনছ নেটৱর্ক) পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, কোউইন প্লেটফর্মত হিতাধিকাৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰাৰ ফলত প্রকৃত হিতাধিকাৰীৰ তালিকা আৰু টিকাকৰণ অভিযানৰ প্রকৃত ছবিখন জানিব পৰা যাব৷ ক’ভিড–১৯ ভেকচিন গ্রহণ কৰা প্রতিগৰাকী ব্যক্তিয়ে কোউইনত নিজৰ নাম পঞ্জীনয় কৰাৰ পৰিপ্রেক্ষিতত কিউ আৰ ক’ডস্থিত টিকাকৰণ প্রমাণ–পত্র লাভ কৰিব৷
উল্লেখ্য যে এই এপটো ভেকচিন প্রদানকাৰী আৰু হিতাধিকাৰী দুয়োজনে ব্যৱহাৰ কৰিব লাগিব৷ এই এপটো ব্যৱহাৰ কৰাৰ জৰিয়তে টিকাকৰণ অভিযান সুকলমে পৰিচালিত কৰিব পৰা যাব৷ এপটোত পাঁচটা মডুল আছে৷ এই পাঁচটা মডুল হৈছে এডমিনিষ্টেটৰ, ৰেজিষ্টেচন, ভেকনিচেন, বেনিফিচিয়াৰী একনলেজমেণ্ট আৰু ৰিপ’ট মডেল৷ হিতাধিকাৰীয়ে নিজৰ আধাৰ কার্ড কিম্বা চালকৰ অনুজ্ঞাপত্র, পান তথা বেংক পাছবুক আপলোড কৰি এপটোত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷