নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক সাহিত্যৰ সূচনা কৰিছিল জ্যোতিপ্রসাদ আগৰৱালাই: মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই আধুনিক সাহিত্যৰ সূচনা কৰি থৈছিল৷ তেওঁৰ যুগজয়ী গীত–নাট–সাহিত্য আজিও চিৰ সেউজ হৈ অসমীৰ বুকুত উজলি আছে৷ এই মনীষীগৰাকীক আজিৰ প্রজন্মৰ আগত তুলি ধৰিবলৈ হ’লে প্রথমে আমাৰ অন্তৰৰ মণিকোঠৰ বেদীত স্থাপন কৰাৰ পৰামর্শ দিয়ে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷ দেওবাৰে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু শুৱালকুছি পূর্বাঞ্চল (শতদল) শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত জ্যোতি দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ পুনৰ কয় যে স্বাধীনতা সংগ্রামতো অংশ লোৱা মহান শিল্পীগৰাকীক এদিন বা দুদিন মনত পেলালে নহয়৷ সাহিত্য সভাসমূহে মাজে মাজে তেওঁৰ কর্মৰাজিৰ ওপৰত বিদ্যালয় পর্যায়ত আলোকপাত কৰিবলৈ তেওঁ আহ্বান জনায়৷ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি পদ্মশ্রী সূর্যকান্ত হাজৰিকাই ভাষণত বস্ত্রনগৰী শুৱালকুছি অসমৰ স্বাভিমান বুলি আখ্যা দিয়ে৷

কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্র কুমাৰ ভাগৱতীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত কামৰূপ ৰত্ন নৰেন দাসেও বক্তব্য আগবঢ়ায়৷ জিলাৰ সম্পাদক ৰাজেন মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণী ভাষণত পূর্বাঞ্চল সাহিত্য সভাৰ সভাপতি নৰেশ শর্মাই কয় যে জাতি–মাটি–ভেটিৰ কথা তেতিয়াই জ্যোতিপ্রসাদ আগৰৱালাই কৈ গৈছিল৷ এতিয়াও কিন্তু অসমৰ জাতি–ভেটি–মাটি সংকটাপন্ন৷ মুকলি সভাতে স্থানীয় জ্যেষ্ঠ শিপিনী বীৰেন ৰাজবংশী, অনাতাঁৰ শিল্পী বীৰেন দাস আৰু অৱসৰপ্রাপ্ত কৃতী শিক্ষক যোগেন্দ্র ভৰালীক সম্বর্ধনা জনায়৷ শাখা সাহিত্য সভাৰ শিল্পীসকলে সমৱেত সংগীতেৰে আৰম্ভ কৰা মুকলি সভাত শিল্পী কল্পনা ঠাকুৰীয়া, মীনাক্ষি বৰুৱা, চন্দনা কলিতা, ৰুণুমী কলিতাই জ্যোতি সংগীত পৰিৱেশন কৰাৰ উপৰি হাজোৰ বিশ্বজিৎ বিশ্বাসীৰ কবিতা পাঠে অনুষ্ঠান জীপাল কৰে৷ সভাৰ পূর্ব পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পূর্বাঞ্চলৰ সভাপতি নৰেশ শর্মাই৷ জ্যোতিপ্রসাদৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক ৰমেন ভৰালীয়ে৷ বন্তি প্রজ্বলন কৰে পূর্বাঞ্চলৰ সম্পাদক দিলীপ কুমাৰে৷ স্থানীয় শ্রীশ্রীগোপাল কৃষ্ণ সত্র প্রাংগণত অনুষ্ঠিত জ্যোতি দিৱসত জিলাৰ অনেক সাহিত্যানুৰাগী লোক উপস্থিত থাকে৷

You might also like