নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাওৰাঘাট শাখা সাহিত্য সভাৰ স্বর্ণ জয়ন্তীৰ অনুষ্ঠানত মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মাতৃভাষাত শিক্ষা অবিহনে স্খলিত যুৱ সমাজৰ সংশোধন অসম্ভৱ৷ মাতৃভাষাত শিক্ষাৰ জৰিয়তে আমি ৰামায়ণ–মহাভাৰতৰ্ শিক্ষা ল’ব লাগিব৷ –দেওবাৰে হাওৰাঘাট শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্রসংগত এই মন্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ ‘আদর্শ মাতৃ বঁটা’ৰে বিভূষিতা মৃণালিনী দেৱীয়ে লগতে কয়– ৰামায়ণ–মহাভাৰতৰ ধর্মীয় শিক্ষা তথা আধ্যাত্মিকতাৰ দ্বাৰাহে আমি নতুন প্রজন্মক সঠিক বাটৰ সন্ধান দিব পাৰিম৷ গতিকে মাতৃভাষাত অধ্যয়নৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই৷

উল্লেখ্য যে দিনজোৰা কার্যসূচীৰে হাওৰাঘাটৰ শংকৰ মন্দিৰ প্রাংগণত হাওৰাঘাট শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ বর্ণাঢ়্য অনুষ্ঠান অনুষ্ঠিত হয়৷ পুৱা ৫০খন পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় এই কার্যসূচী৷ ইয়াৰ লগতে পুৱা স্মৃতি তর্পণ, ভূপেন হাজৰিকাৰ আবক্ষ মূর্তিত মাল্যার্পণ আৰু শাখাৰ প্রতিষ্ঠাপক সভাপতি ক্ষুদ্র বৰাৰ আবক্ষ মূর্তি উন্মোচন কৰা হয় ৷ হাওৰাঘাট শাখা সাহিত্য সভাক গতিশীল কৰাত অহোপুৰুষার্থ কৰা প্রয়াত ক্ষুদ্র বৰা, হেম হাজৰিকা, জিতেন্দ্র নাথ বৰা, অমৰ দেৱ, হৰিপ্রসাদ ৰাজবংশী, লক্ষেশ্বৰ নাথ আৰু বালিৰাম মেধিলৈ মৰণোত্তৰভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয় ৷

মুকলি সভাত সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্রন্থ ‘যমুনা সংগম’ উন্মোচন কৰে ৰংমিলিৰ হাঁহিৰ স্রষ্টা পদ্মশ্রী ৰংবং তেৰাঙে৷ সভাত পুষ্পেন্দ্র বৰাৰ ‘আত্মচিন্তন’ নামৰ এখন কবিতা পুথি আৰু শ্যামসুন্দৰ চৌহানৰ ‘অসমীয়া মাতৃভাষা লিখন পদ্ধতি’ শীর্ষক গ্রন্থও উন্মোচন কৰা হয় ৷ সভাত অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য খনছিং ৰংপি, হাওৰাঘাট শাখা সাহিত্য সভাৰ পুৰোধা তিলকান্ত ফুকনসহ অন্যান্য বহুকেইগৰাকী গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like