নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : শিল্পী দিৱসৰ লগত সংগতি ৰাখি আজি তিতাবৰ মহকুমাৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰে। বিদ্যালয়খনৰ চৌহদতে পুৱা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক প্ৰিয়ম বৰুৱাৰ চমু ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈ, পৰিচালনা সমিতিৰ সভাপতি যোগেন শইকীয়া, উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা, জ্যেষ্ঠ শিক্ষক বিবুল হাজৰিকা, ছাত্ৰ একতা সভাৰ সভাপতি প্ৰভূল্ল ভূঞা, জ্যেষ্ঠ শিক্ষক চক্ৰেন শইকীয়া আৰু সাংবাদিক অজয় শইকীয়াই।
ইয়াৰ পিছতে বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে এক সমবেত সংগীত পৰিবেশন কৰে। জ্যেষ্ঠ শিক্ষক প্ৰশান্ত কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়খনৰ অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈ, উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা আৰু পৰিচালনা সমিতিৰ সভাপতি যোগেন শইকীয়াই ৰূপকোঁৱৰৰ কৰ্মৰাজীৰ সম্পৰ্কে ছাত্র-ছাত্ৰীক উদ্দেশ্যি চমু ভাষণ প্ৰদান কৰে। অনুষ্ঠানতে বিদ্যালয়খনৰ শ্ৰেষ্ঠ গায়িকা ঋষিকা হাজৰিকাৰ সংগীত পৰিবেশন, শিক্ষয়িত্ৰী পুস্পাঞ্জলি চাংমাইৰ কবিতা আবৃত্তি, ছাত্র তুষান শইকীয়া, ছাত্ৰী ৰিচিমণি বুঢ়াগোহাঁই, চন্দ্ৰমা চুবেদাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আগবঢ়োৱা ভাষণে উপস্থিত ৰাইজক আপ্লুত কৰে। ইয়াৰ পিছতে জ্যেষ্ঠ শিক্ষক ৰঞ্জিত সন্দিকৈৰ পৰিচালনাৰে প্ৰস্তুত কৰা উলিওৱা ‘জ্যোতিপ্ৰপাত’ নামৰ এখন আলেখ্য পৰিবেশন কৰে। অনুষ্ঠানৰ শেষত দিৱসটোৰ উপলক্ষে অনুষ্ঠিত হোৱা উচ্চ আৰু নিম্ন শাখাৰ ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ লগতে স্থান লাভ কৰা সকলক বঁটা প্ৰদান কৰে।