নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ ছ’চিয়েল মিডিয়া ৱাটছএপে গোপনীয়তাৰ অধিকাৰ উলংঘন আৰু সুৰক্ষা বিঘ্ণিত কৰা বুলি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজনিত আবেদন (পিআইএল)ৰ শুনানি গ্রহণ কৰি তাৎপর্যপূর্ণ মন্তব্য দিয়ে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ সচদেৱে পি আই এলৰ শুনানি গ্রহণ কৰি কয় যে যদি ৱাটছএপৰ নতুন গোপনীয়তা নীতিক গ্রহণ কৰিব নোৱাৰে, তেতিয়াহ’লে এপটো ব্যৱহাৰ নকৰিব৷ অর্থাৎ ইচ্ছুক নহ’লে এপটো ব্যৱহাৰ নকৰিব৷ তদুপৰি ন্যায়াধীশগৰাকীয়ে পুনৰ কয় যে ৱাটছএপ এটা ব্যক্তিগত এপ৷ ইয়াত অংশ নল’ব৷ এইটো স্বেচ্ছামূলক বস্তু, গ্রহণ নকৰিব৷
আন এপ ব্যৱহাৰ কৰক৷ উল্লেখ্য যে ফেব্রুৱাৰীৰ পৰা বলৱৎ হ’বলগীয়া ৱাটছএপৰ নতুন গোপনীয়তা নীতিক লৈ অধিবক্তা এজনে দিল্লী উচ্চ ন্যায়ালয়ত এই নীতিৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছে৷ সেই আবেদনৰ শুনানি আজি গ্রহণ কৰি ন্যায়াধীশগৰাকীয়ে গুৰুত্বপূর্ণ মন্তব্য দিয়ে৷ আজি ৱাটছএপ আৰু ফেচবুকৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা কপিল শিৱাল আৰু মুকুল ৰহটগিয়ে৷
তাৎপর্যপূর্ণ যে ৱাটছএপে নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ উলংঘন কৰাৰ লগতে ৰাষ্ট্রীয় সুৰক্ষা বিঘ্ণিত কৰে বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ পিছত সর্বোচ্চ ন্যায়ালয়ে ৱাটছএপক নতুন নীতি প্রস্তুত কৰাৰ নির্দেশনা দিয়ে৷ সেই মর্মে ৱাটছএপ কর্তৃপক্ষই ফেব্রুৱাৰীত নতুন নীতি বলৱৎ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত মে’ মাহলৈকে পিছুৱাই দিয়া হৈছে৷