নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ জনসংখ্যাৰ ৫৬% অনা–অসমীয়াঃ ৰাজ্যৰ ৪৫+ জনসংখ্যাৰ মাত্র ৪৪ শতাংশহে অসমীয়া

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ অসমতেই অসমীয়া অস্তিত্বহীন হৈ পৰাৰ ভয়ংকৰ দিশ উন্মোচিত হৈছে কেন্দ্রীয় চৰকাৰৰ প্রতিবেদনত৷ ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যই অসমত এদিন অসমীয়া সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা সন্দর্ভত স্পষ্ট ইংগিত দিছিল৷ এইবাৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা ইণ্টাৰনেচনেল ইনষ্টিটিউট ফ’ৰ পপুলেচন ছায়েঞ্চছৰ ‘লংগিচিউডিনেল এজেয়িং ষ্টাডী ইন ইণ্ডিয়া’ (লাছি) শীর্ষক প্রতিবেদনত অসমতে অসমীয়া ভগনীয়া হ’ব পৰা আশংকা সৃষ্টি কৰা কেতবোৰ তথ্য উন্মোচিত হৈছে৷ দেশজুৰি চলোৱা সমীক্ষাৰ ভিত্তিত প্রথমবাৰৰ বাবে এই প্রতিবেদন প্রকাশ কৰা হৈছে, য’ত মুখ্যতঃ ৪৫ বছৰৰ ঊর্ধ্বৰ নাগৰিকৰ আর্থ–সামাজিক, স্বাস্থ্যজনিত পৰিয়ালকেন্দ্রিক অৱস্থা আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে৷ ২০২০ চনৰ ‘লাছি’ প্রতিবেদনত উল্লেখ কৰা মতে ৪৫ ঊর্ধ্ব অসমবাসীৰ মাত্র ৪৪ শতাংশইহে নিজকে অসমীয়া বুলি পৰিচয় দিছে৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত ৪৫ ঊর্ধ্ব জনসাধাৰণৰ ৩৩ শতাংশই বাঙালী বুলি নিজৰ পৰিচয় দিছে৷ বাকী ২৩ শতাংশই অন্যান্য ভাষা–ভাষী হিচাপে পৰিচয় দিছে৷

সমাজবিজ্ঞানীসকলৰ মতে, এখন সমাজ মূলতঃ পৰিচালিত হয় ৪৫ ঊর্ধ্বৰ জনসংখ্যাৰ দ্বাৰাই৷ তেওঁলোক হ’ল সমাজখনৰ অভিভাৱক৷ ‘লাছি’ৰ প্রতিবেদনৰ পৰাই স্পষ্ট হয় যে অসমত অসমীয়া অভিভাৱকৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাইছে৷ সমাজত ইয়াৰ বিৰূপ প্রভাৱ পৰাৰ আশংকাও প্রবল৷ ৰাজ্যত এতিয়া ৪৫ ঊর্ধ্ব জনসংখ্যাৰ ৪৪ শতাংশ অসমীয়া হোৱাৰ বিপৰীতে অনা–সমীয়া অভিভাৱকৰ হাৰ হ’ল ৫৬ শতাংশ৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে মাত্র ৪৪ শতাংশ অভিভাৱকৰ দ্বাৰা অসমত অসমীয়া কেনেকৈ শক্তিশালী ৰূপত পৰিচালিত হ’ব? একেদৰে ৰাজ্যখনত ৪৫ ঊর্ধ্ব অনা–সমীয়াৰ হাৰ ইমান দ্রুতগতিত বৃদ্ধি পোৱাৰ কাৰণ কি? ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য বিশ্লেষণ কৰিলে ইয়াৰ এটা আভাষ পাব পাৰি৷ দুয়োটা লোকপিয়লৰ তথ্যতে স্পষ্ট হৈছে যে অসমত অসমীয়া লোকৰ সংখ্যা ক্রমাগতভাৱে হ্রাস পাই থকাৰ বিপৰীতে বাংলাভাষী জনসংখ্যা বৃদ্ধি পাইছে৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত সকলো বয়সৰ অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৪৮.৮০ শতাংশ৷ ২০১১ চনৰ লোকপিয়লত দেখা গ’ল যে এই সংখ্যা হ্রাস পালে ৪৮.৩৮ শতাংশলৈ৷ আনহাতে, ২০০১ চনত বাংলাভাষী লোকৰ সংখ্যা আছিল ২৭.৫৪ শতাংশ৷ ২০১১ চনৰ লোকপিয়লত দেখা গ’ল অসমত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পালে ২৮.৯১ শতাংশলৈ৷

উল্লেখ্য যে প্রথমবাৰৰ বাবে প্রকাশ পোৱা ‘লাছি’ প্রতিবেদনত জনগণ তথা জনসংখ্যা সম্পর্কীয় আন কেইবাটাও গুৰুত্বপূর্ণ তথ্য প্রকাশ পাইছে৷ প্রতিবেদনখনৰ মতে এই মুহূর্তত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ৷ আনহাতে, জনসংখ্যা বৃদ্ধিৰ সর্বভাৰতীয় হাৰ হৈছে ১.৮৷ অর্থাৎ অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্রণাধীন হৈ আছে৷ ২০১৭ৰ সর্বশেষ তথ্য অনুসৰি অসমত জন্মৰ হাৰ হৈছে ২১.২ শতাংশ৷ জন্মৰ সর্বভাৰতীয় হাৰ হ’ল ২০.২ শতাংশ৷ একেদৰে অসমত প্রজনন ক্ষমতাৰ হাৰ হৈছে ২.২ শতাংশ৷ সামগ্রিকভাৱে ভাৰতত এই হাৰ ২.৩ শতাংশ৷

লক্ষণীয়ভাৱে অসমত ৬০ ঊর্ধ্ব লোকৰ সংখ্যা সর্বভাৰতীয় পর্যায়তকৈ যথেষ্ট কম৷ ভাৰতৰ ৬০ ঊর্ধ্ব লোকৰ হাৰ ৮.৬ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ৬.৭ শতাংশ৷ আনহাতে, অসমত গড় আয়ুস শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০১৪ চনলৈকে নিটি আয়োগে প্রদান কৰা তথ্য মতে অসমত গড় আয়ুস আছিল ৬৩.৯ বছৰ৷ ‘লাছি’ প্রতিবেদন মতে অসমত গড় আয়ুস বৃদ্ধি পাইছে ৬৫.৫ বছৰলৈ৷ উল্লেখ্য যে সামগ্রিকভাৱে ভাৰতত গড় আয়ুস হ’ল ৬৮.৭ বছৰ৷

You might also like