নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কামৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷
বৃষ: মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালেৰে পাৰ হ’ব৷ দুৰাৰোগ্যগ্রস্তসকল্ কিছু সকাহ পাব৷ বিদ্যাত অনুকূল৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷
মিথুন: প্রায় দিশতে মনটো মুকলি লাগিব৷ শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্প সুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷
কর্কট: দুই–এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ সংকট সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷
সিংহ: উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগাদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক৷ সন্তান সুখ৷ বিদ্যাত অনুকূল৷
কন্যা: খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠানাদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ ৰাখিব, দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷
তুলা: আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ বিদ্যাত অনুকূল৷
বৃশ্চিক: হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তর্ক বঢ়াই নলৈ ক্ষিপ্ত অৱস্থাক নিয়ন্ত্রণ কৰক৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ ঘৰুৱাত ভালেই৷ নতুন সংযোগত উৎসাহ৷
ধনু: আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ বন্ধুবর্গৰ লগত সৎ পৰামর্শ কৰাটো ভাল৷
মকৰ: শৰীৰ খুব ভালেৰে নাযাব৷ খৰচ–পাতি বৃদ্ধি৷ হঠাৎ কোনো কথাত ক্ষিপ্ত হ’ব পাৰে৷ ব্যয়ৰ কাৰক৷ প্রেম–প্রীতিত অনুকূল৷ দাম্পত্যত কিছু চিন্তা থাকিব৷
কুম্ভ: মনোবল থাকিব৷ কর্মত উৎসাহ থকাত আপোনাৰ প্রায়বোৰ কামতে খুঁত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ কর্মক্ষেত্রত সামান্য বাধাৰ কাৰকতা৷ যাত্রাদিত শুভ৷
মীন: কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নকৰাই উচিত হ’ব৷ আর্থিকত উন্নত নহ’ব৷ ব্যৱসায়তো প্রাপ্ত ধনৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব৷ বন্ধুৰ পৰা উপকৃত৷

You might also like