নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ অসমবাসীক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান আৰক্ষীৰ। আজি ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পিছতে ADGP জি পি সিঙে কয় যে ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষীয়ে। আইন হাতত তুলি ল’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব, লগতে ছ’চিয়েল মিডিয়াত বিতৰ্কিত প’ষ্ট নিদিবলৈ আহ্ৱান । বিতৰ্কিত প’ষ্ট দিয়াসকলৰ বিৰুদ্ধেও কঠোৰ হ’ব অসম আৰক্ষী।