নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো ৰাষ্ট্রীয় দলৰে অজাপৰ মিত্রতা নহয়ঃ লুৰিণজ্যোতি

মৈৰাবাৰীত অসম জাতীয় পৰিষদৰ যোগদান সভা

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈক মঙলবাৰে ধিঙত দলীয় কর্মীয়ে আদৰণি জনায়৷ উল্লেখ্য যে মঙলবাৰে মৈৰাবাৰীত অসম জাতীয় পৰিষদৰ এক বিশাল গণসমাৱেশত অংশগ্রহণ কৰিবলৈ যোৱাৰ পথত ধিং বজাৰত নগাঁও জিলা সমিতিৰ সমন্বয়ক আদিত্য বৰাৰ নেতৃত্বত কেইবাশ দলীয় কর্মীয়ে গগৈক আদৰণী জনায়৷ দলীয় কর্মীৰ আদৰণী গ্রহণ কৰাৰ পিছত সাংবাদিকৰ আগত লুৰিণজ্যোতি গগৈয়ে কয়– অসম জাতীয় পৰিষদ দলে কেতিয়াও কংগ্রেছ, বিজেপি অথবা এ আই ইউ ডি এফৰ লগত মিত্রতা নকৰে৷ সেয়া অসম জাতীয় পৰিষদ দলৰ স্পষ্ট স্থিতি বুলি তেওঁ মন্তব্য কৰে৷ তদুপৰি অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’ব বুলি  চর্চিত এক সমীক্ষাৰ আঁত ধৰি লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে বিভিন্ন সময়ত ৰাইজে বহু সমীক্ষা দেখি আহিছে৷ চৰকাৰ ৰাইজে বনাব, ভোট ৰাইজে দিব৷ গতিকে সেয়া মাথোঁ অপেক্ষা৷ কাৰণ বিহাৰৰ নির্বাচনে প্রমাণ কৰিছে এনে সমীক্ষা কি৷ গতিকে কোনো ৰাষ্ট্রীয় সাম্প্রদায়িক ৰাজনৈতিক দলৰ লগত অসম জাতীয় পৰিষদ দলৰ মিত্রতা নহয়৷ মিত্রতা হ’ব আঞ্চলিক ভাবধাৰে পৰিপুষ্ট আঞ্চলিক ৰাজনৈতিক দলৰ লগতহে৷ ৰাইজৰ দল অথবা বিপিএফৰ লগত অসম জাতীয় পৰিষদ দলৰ মিত্রতা প্রসংগত সাংবাদিকে সোধাত লুৰিণজ্যোতি গগৈয়ে কয়– কথা–বতৰা চলি আছে৷ উল্লেখ্য যে আঙুলতাৰ দখলত থকা বটদ্রৱা সমষ্টিটো অসম জাতীয় পৰিষদৰ দখললৈ নিয়াৰ বাবে লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে তৎপৰতা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা সমষ্টিৰ পৰা প্রার্থিত্বৰ দৌৰত থকা আদিত্য বৰাই ইতিমধ্যে বটদ্রৱা সমষ্টিত বিশেষ তৎপৰ হৈ পৰা দেখা গৈছে৷
মৈৰাবাৰীত আসম জাতীয় পৰিষদৰ যোগদান সভা
বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইডিএফে অসমৰ ৰাজনীতিত আত্মপ্রকাশ কৰাৰ পাছৰে পৰা দলটোৰ দখলত থকা ৮৩নং ধিং বিধানসভা সমষ্টিৰ মৈৰাবাৰীস্থ ইন্দিৰা খেলপথাৰ প্রাংগণত আজি দিনৰ ২ বজাত অসম জাতীয় পৰিষদৰ এখন গণ সমাৱেশ তথা যোগদান সমাৰোহ অনুষ্ঠিত হয়৷ হাচেন আলীয়ে সভাপতিত্ব কৰা গণ সমাৱেশখনত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বর্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰখনক তীব্র ভাষাৰে সমালোচনা কৰে৷ গগৈয়ে ভাষণ প্রসংগত ৰাজ্যিক বিজেপিৰ সভাপতিক সমালোচনা কৰে৷ লগতে কংগ্রেছ আৰু এআইউডিএফৰ পক্ষত ভোটদান কৰি নিজৰ বিবেক ভোট নষ্ট নকৰিবলৈ সমৱেত জনসাধাৰণক আহ্বান জনায়৷ সভাখনত দলটোৰ কার্যকৰী সভাপতি পবীন্দ্র ডেকা, সম্পাদকপ্রধান জগদীশ ভূঞা, মুখপাত্র জিয়াউৰ ৰহমানকে ধৰি প্রায় ১০গৰাকী কেন্দ্রীয় নেতা আৰু সহস্রাধিক লোক উপস্থিত থাকে৷

You might also like