নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দলসমূহ আইটেম ছঙৰ দৰে, ভোটৰ পিছতে হ’ব অস্তিত্বহীন

যোৰহাটত অগপৰ বিশাল ঐক্য সমাৰোহত অতুল বৰা

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ যোৰহাট জিলাৰ কটকী পুখুৰী বাইপাছত বিশাল সমাৱেশেৰে নির্বাচনী ৰণশিঙা বজালে অসম গণ পৰিষদ দলে৷ আজি দলটোৰ দ্বাৰা আয়োজিত জাতীয় ঐক্য সমাৰোহত কেইবাসহস্র লোকে আঞ্চলিকতাবাদৰ জয়ধ্বনি দি কঁপাই তোলে যোৰহাটৰ আকাশ–বতাহ৷ দেৰগাঁও সমষ্টিৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই নির্বাচনী ৰণদুন্দুভী বজায়৷ দলৰ সভাপতি অতুল বৰাই কয়– কংগ্রেছ আৰু এ আই ইউ ডি এফৰ যি মিত্রতা হৈছে, এই মিত্রতাই জাতি ধ্বংস কৰিব৷ কিন্তু আমি জাতি ধ্বংস হ’বলৈ নিদিওঁ৷ তেওঁলোকে গোপন বুজাবুজিৰে ৰাইজক প্রতাৰণা কৰিছিল৷ কিন্তু এতিয়া ৰাইজে সেই মিত্রতাৰ বিষয়ে গম পাইছে৷ আৰু ইয়াৰ ফল তেওঁলোকে ভোগ কৰিছে৷ কংগ্রেছ আৰু বদৰুদ্দিন আজমলে অসমক বিক্রী কৰিবলৈ ওলাইছে৷ কিন্তু আমি ইয়াক হ’বলৈ নিদিওঁ৷ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ মাজত এনে কিছু লোক আছে, যি নিজকে আঞ্চলিক বুলি কৈ ‘কা’বিৰোধী আন্দোলন কৰিছিল, তেনে লোকেই কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাত আগভাগ লৈছে৷ তেনে এজন লোক হৈছে অজিত ভূঞা৷ এইসকলে মিলি অসমৰ বৰঘৰত যি জুই দিবলৈ ওলাইছে, তাক আমি কেতিয়াও হ’বলৈ নিদিওঁ৷ অসম গণ পৰিষদৰ জন্ম হৈছে জাতিৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে৷ আমি সদায় ৰাইজৰ মাজত সোমাই কাম কৰিব লাগিব৷ অজিত ভূঞাই নিজকে আঞ্চলিকতাবাদৰ নামত মর্চা কৰা বুলি কয়৷ কিন্তু তেনে মর্চা তেওঁ কেতিয়া কৰিলে? কংগ্রেছ, আজমলে আঞ্চলিকতাবাদৰ সূচনা কৰিব নেকি? এইসমূহ আঞ্চলিকতাবাদ বিনষ্ট কৰা মর্চা৷ তেওঁলোকৰ মুখা এতিয়া খোল খাইছে৷ অসম গণ পৰিষদ ৩৩ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট এটা আঞ্চলিক দল৷ আমি যুক্তিৰে অসম গঢ়িম৷ পূর্বতে অসম গণ পৰিষদক অসমীয়াভাষীৰ দল বুলিছিল৷ কিন্তু এজিপি অসমীয়াভাষীৰ নহয়, অসমত বাস কৰা সকলো লোকৰ দল৷ ইয়াত জাতপাত, ধর্মৰ কথা নাই৷ আমি এই অসমত কর্ম–সংস্কৃতি সৃষ্টি কৰিব লাগিব৷ কিয়নো কর্মবিমুখ জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে৷ আমি থলুৱা অর্থনীতি শক্তিশালী কৰি গ্রাম্য অর্থনীতিৰ বুনিয়াদ গঢ়িব লাগিব৷ আমাৰ মাজতে বহু এনে শক্তি আছে, যি এজিপিক ধ্বংস কৰিবলৈ চেষ্টা কৰে৷

ভাষণ প্রসংগত সভাপতি অতুল বৰাই নতুনকৈ সৃষ্টি হোৱা দলসমূহক তীব্র ভাষাৰে সমালোচনা কৰি কয় যে এখন চিনেমাত কিছুমান আইটেম ছং অন্তর্ভুক্ত কৰা হয়, যি দর্শকক আমোদ দিয়ে৷ কিন্তু এইসমূহৰ চিনেমাৰ কাহিনী বা চৰিত্রৰ লগত কোনো সম্পর্ক নাথাকে৷ নতুনকৈ সৃষ্টি হোৱা দলসমূহ তেনেকুৱাই৷ যি নির্বাচনৰ পূর্বে ভুমুকি মাৰে, কিন্তু নির্বাচনৰ পাছত সেই দলসমূহৰ কোনো অস্তিত্ব নোহোৱা হয়৷ কংগ্রেছ দলক সমালোচনা কৰি সভাপতি অতুল বৰাই কয় যে কংগ্রেছ দল কেৱল ক্ষমতাৰ লোভত থকা দল৷ আজিৰ জাতীয় ঐক্য সমাৰোহত উদ্দেশ্য ব্যাখ্যা কৰি অসম গণ পৰিষদ দলৰ কার্যকৰী সভাপতি কেশৱ মহন্তই কয় যে অসম আন্দোলনৰ ফলত যি অসম চুক্তি হৈছিল, তাৰ ফলত গঠন হৈছিল অসম গণ পৰিষদ দল৷ এই দলে কেতিয়াও জাতিৰ বিৰুদ্ধে কাম নকৰে৷ কংগ্রেছ দলে বর্তমান সময়ত নিজৰ প্রকৃত ছবি ৰাইজৰ আগত দাঙি ধৰিছে এ আই ইউ ডি এফৰ লগত মিতিৰালি কৰি৷ যিটো কার্য সম্পূর্ণ অসমবিৰোধী৷ অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্রতা কৰি নির্বাচনত অৱতীর্ণ হৈছিল যদিও কেতিয়াও অসমৰ স্বার্থ পৰিহাৰ কৰি কাম নকৰে৷ মিত্রতা থাকিলেও আমি কেতিয়াও আপোচ নকৰোঁ৷ সেই কথা ৰাইজে কংগ্রেছ–এ আই ইউ ডি এফ আৰু কংগ্রেছৰ মিত্রতা আৰু বিজেপি–এজিপিৰ মিত্রতা তুলনা কৰিলেই দেখা পাব৷ আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ থাকিব লাগিব৷ কিয়নো আমাৰ মাটি থাকিলেহে ভেটি থাকিব আৰু ভেটি থাকিলেহে সভ্যতা–সংস্কৃতি থাকিব৷ আমি কেতিয়াও আজমলৰ আঙুলিৰ ঠাৰত অসমক নাচিবলৈ নিদিওঁ৷ এইখন অসমত শংকৰদেৱৰ আদর্শৰে অনুপ্রাণিত হৈ হিন্দু–মুছলমান সকলো মিলি একগোট হৈ থাকিব লাগিব৷ আমি সকলো নতুন সাজেৰে ওলাই আহিছেছা জাতি ৰক্ষাৰ বাবে৷ সেই বাবেই এই জাতীয় ঐক্য সন্মিলনৰ আয়োজন৷ আজিৰ জাতীয় ঐক্য সমাৰোহত আদৰণী ভাষণ প্রদান কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীয়ে৷ অনুষ্ঠানত বিশিষ্ট শিল্পী মহেন্দ্র হাজৰিকা, কল্পনা পাটোৱাৰী প্রমুখ্যে দেৰগাঁও সমষ্টিৰ অন্তর্গত বিভিন্ন পঞ্চায়তৰ সভাপতি, সম্পাদক, দলীয় কর্মীসকল উপস্থিত থাকে৷

You might also like