নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আজমলটোক ছাৰ মূৰৰ ওপৰত উঠাব নালাগে’

ৰকিবুলৰ চাঞ্চল্যকৰ অডিঅ’ বার্তা

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ এ আই ইউ ডি এফৰ শীর্ষ নেতাৰ উপস্থিতিত কালি কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত হোৱা আনুষ্ঠানিক মিত্রতাৰ পাছতেই কংগ্রেছ নেতা ৰকিবুল হুছেইনৰ বদৰুদ্দিনবিৰোধী অডিঅ’ বার্তা এটাই ৰাজনৈতিক মহলত খলকনি সৃষ্টি কৰিছে৷  ভাইৰেল হৈ পৰা সেই অডি’টোত ৰকিবুল হুছেইনে কোনো কংগ্রেছ নেতাক উদ্দেশ্যি কৈছে– ‘আজমলটোক বেছি উঠাই দিব নালাগে৷ আজমল আজি ছাৰ, কেইদিনমান আমাৰ পিছে পিছে ঘূৰি আছিল৷ এতিয়া সি কয় কংগ্রেছ হিৰো–জিৰো৷ তাক বেছি…, নহ’লে সি কিন্তু ছাৰ গুৰু–গোসাঁই নামানিব৷ তাৰ লগত ডাইৰেক্ট এলায়েন্স কৰিবলৈ আমাক চিঠি লিখিব ক’ব পৰা হৈছে৷ তাক আমাৰ ওপৰত এৰি দিয়ক৷ সি মূৰৰ ওপৰত উঠি গ’লে কিন্তু দিগদাৰ হ’ব৷’

এই অডিঅ’ বার্তাটো ভাইৰেল হৈ পৰাৰ পাছতেই কংগ্রেছ আৰু এ আই ইউ ডি এফ শিবিৰত তীব্র আলোড়ন সৃষ্টি হৈছে৷ ইপিনে সেই অডিঅ’ বার্তাটো ভাইৰেল হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কংগ্রেছ নেতা ৰকিবুল হুছেইনে কয় যে তেওঁ অসমৰ দুগৰাকী ব্যক্তিকেই ছাৰ সম্বোধন কৰিছিল৷ এজন প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া আৰু আনজন প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ৷ তেওঁলোক দুগৰাকীৰ বাহিৰে কংগ্রেছত কোনো নেতাক তেওঁ ছাৰ সম্বোধন কৰি মাতি পোৱা নাই৷ সেয়ে তেওঁ অডিঅ’ বার্তাটোৰ ‘ভয়চ ৰেকর্ড’ আনি ফৰেনছিকত পৰীক্ষা কৰাই আইনগত ব্যৱস্থা গ্রহণ কৰিব বুলি প্রকাশ কৰে৷

You might also like