মহানগৰীৰ ঘৰে ঘৰে ৩১ জানুৱাৰীলৈ চলিব ৰাম মন্দিৰ নিধি সমর্পণ অভিযান
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ভাৰতবাসীৰ পৰা ৰাম মন্দিৰ নির্মাণৰ বাবে পুঁজি সংগ্রহ অভিযান যোৱা ১৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে৷ ভগৱান শ্রীৰামৰ পৱিত্র জন্মস্থান অযোধ্যাত স্থাপন হ’ব লগা ৰাম জন্মভূমি মন্দিৰলৈ ভাৰতবাসীৰ লগতে অসমবাসীৰ সমূহ ৰামভক্তৰ সহায়–সহযোগ কামনা কৰিছে শ্রীৰাম জন্মভূমি মন্দিৰ নির্মাণ নিধি সমর্পণ সমিতি অসমে৷ তদুপলক্ষে মহানগৰ জিলা শ্রীৰাম জন্মভূমি নির্মাণ নিধি সমর্পণ সমিতিয়ে মহানগৰৰ প্রত্যেকটো পৰিয়াললৈ গৈ ৰাজ্যখনৰ সমূহ জনগণৰ লগতে যোগাযোগ কৰাৰ কাম ইতিমধ্যে ১৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে৷ এই অভিযান ৩১ জানুৱাৰীলৈ চলিব৷ আজি গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত শ্রীৰাম জন্মভূমি মন্দিৰ নির্মাণ নিধি সমর্পণ সমিতিৰ গুৱাহাটী জিলাৰ সভাপতি ৰত্নেশ্বৰবসুমতাৰী, গুৱাহাটী মহানগৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ সভাপতি শুভৰাম বৰা, সম্পাদক চন্দন ৰাভা আৰু শিক্ষাবিদ ৰাধেশ্যাম তিৱাৰীয়ে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে৷ লগতে অযোধ্যাত শ্রীৰাম জন্মভূমি মন্দিৰ নির্মাণত নিধি সমর্পণ সমিতিয়ে অর্থ সংগ্রহৰ সুবিধার্থে গুৱাহাটী মহানগৰ জিলা সমিতিক মুঠ ১২টা ভাগত চিনাক্ত কৰা হৈছে৷ সমিতিবোৰ হৈছে– উত্তৰ গুৱাহাটী, জালুকবাৰী, মালিগাঁও, ফাঁচীবজাৰ, ফটাশিল আমবাৰী, লালগণেশ, বশিষ্ঠ, উলুবাৰী, উজান বজাৰ, নাৰেংগী, নুনমাটি, হেঙেৰাবাৰী সমিতি গঠন কৰা হৈছে৷ এই সমিতিবোৰৰ আকৌ চাৰি–পাঁচজনীয়া সম্পর্ক তলি বনোৱা হৈছে৷ সম্পর্ক তলিৰ মুঠ সংখ্যা ৫২৫টা৷ দেশৰ জন শাৰীৰিক মন্দিৰ নির্মাণকার্যৰ সৈতে জডিত কৰিবলৈ ন্যাসৰ নির্দেশমর্মে এই মহানগৰৰ হাজাৰ হাজাৰ নাগৰিকে এই ঐতিহাসিক অভিযানত আমাৰ সম্পর্ক তলিৰ সংগ্রহকাৰীসকলৰ লগত সহায়–সহযোগিতা আগবঢ়াবলৈ সকলোকে অনুৰোধ জনাইছে৷