নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰীত ৩০ লাখ টকাৰ নিচা জাতীয় টেবলেটসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ মহানগৰীৰ উলুবাৰীৰ পৰা আজি আৰক্ষী অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই প্রায় ৩০ লাখ টকাৰ নিচাজাতীয় টেবলেটসহ এজন ড্রাগ্ছ সৰবৰাহকাৰী যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীটো ধুবুৰীৰ মজিবুৰ ৰহমান মণ্ডল (৩৬)৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীটোৰ পৰা ৩০ হাজাৰ মেথাম ফেটামিন টেবলেট জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰীটোৱে ড্রাগ্ছখিনি ম্যানমাৰৰ পৰা আনি মজুত কৰি ৰাখিছিল৷ আজি তেওঁ ড্রাগ্ছখিনি বিক্রী কৰিবলৈ আনোতে চি আই ডিৰ দলটোৱে গোপন সূত্রৰ পমখেদি উলুবাৰীৰ হাজী মুছাফিৰ খানাৰ সন্মুখৰ পৰা হাতে–লোটে ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ধৃত যুৱকজনে হেদায়েৎপুৰৰ ভাৰাঘৰত আশ্রয় লৈ ড্রাগ্ছৰ বেহা চলাই আছিল৷

You might also like