নৱ গঠিত সদৌ অসম ট্ৰাইবেল সংঘ, জোনাই জিলা সমিতিৰ শপত গ্ৰহণ
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰী: যোৱা ইংৰাজী ১৩ ডিচেম্বৰ ২০২০ তাৰিখে জোনাই মহকুমাৰ অন্তৰ্গত লেকু-জেলমস্থিত দক্ষতা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ট্ৰাইবেল সংঘ , জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনত অজিত ৰেগনক সভাপতি আৰু পদ্মেশ্বৰ দলেক সাধাৰণ সম্পাদক হিচাপে লৈ সৰ্বমুঠ ৪৫ জন সদস্য-সদস্যাৰে নৱ গঠিত জোনাই জিলা ট্ৰাইবেল সংঘৰ আজি শপত গ্ৰহণ ও দায়িত্বভাৰ অৰ্পণ কৰাৰ অনুষ্ঠান জোনাইস্থিত ট্ৰাইবেল সংঘৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সভাত লাইমেকুৰী প্ৰাথমিক সমিতিৰ সম্পাদক পংকজ টায়েৰ তত্ত্বাৱধানত নৱ গঠিত সমিতিয়ে সামূহিকভাৱে শপত নামা পাঠ কৰি কোনো প্ৰৰোচনাত ভুল নোযোৱাকৈ ট্ৰাইবেল সংঘৰ সংবিধানৰ নীতি-নিয়ম অনুসৰি দায়িত্ব পালন কৰি যাম বুলি সংকল্পবদ্ধ হয় ৷ আজিৰ সভাত শপত গ্ৰহণ অনুষ্ঠানৰ লগতে আগন্তুক ২৯, ৩০, ৩১ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ট্ৰাইবেল সংঘ , কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিৱেশনত সৰ্বমুঠ ৬৭ সাতষষ্ঠি জন প্ৰতিনিধি অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷