জম্মু–কাশ্মীৰৰ পাক সীমান্তত পুনৰ গোপন সুৰংগ চিনাক্ত
১০ দিনত দ্বিতীয়টো সুৰংগৰ সন্ধান হীৰানগৰ ছেক্টৰত
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ১০ দিনৰ ভিতৰতে আন এটা গোপন সুৰংগ ভাৰত–পাকিস্তান সীমান্তত চিনাক্ত কৰিছে বি এছ এফে৷ জম্মু–কাশ্মীৰৰ কথুৱা জিলাৰ ভাৰত–পাকিস্তান সীমান্তত মাটিৰ তলত থকা এটা গোপন সুৰংগ আজি বি এছ এফে উদ্ধাৰ কৰিছে৷
বি এছ এফে গোপন সুৰংগ চিনাক্ত অভিযান অব্যাহত ৰখাৰ সময়তে কালি কথুৱা জিলাৰ হীৰানগৰ ছেক্টৰৰ পানছাৰ অঞ্চলত এই গোপন সুৰংগটো চিনাক্ত কৰা হৈছে৷ বি এছ এফৰ বিবৃতিত প্রকাশ পোৱা মতে, চোৰাংচোৱা সংস্থাৰ বিশেষ তথ্যৰ ভিত্তিত বি এছ এফে পানছাৰ অঞ্চলত গোপন সুৰংগটো চিনাক্ত কৰে৷
এই সুৰংগটো সীমান্ত নিৰীক্ষণ চকী ১৪ আৰু ১৫ নম্বৰৰ মাজত নির্মাণ কৰা হৈছিল৷ সুৰংগটো ১৫০ মিটাৰ দীঘল আৰু ৩০ ফুট গভীৰ৷ উল্লেখ্য যে বিবৃতিত উল্লেখ কৰা মতে, বিগত বর্ষৰ জুনত বি এছ এফে অস্ত্র–শস্ত্র কঢ়িয়াই অনা পাকিস্তানৰ হেলিকপ্ঢাৰ এখন গুলীয়াই ভূপতিত কৰিছিল উক্ত অঞ্চলতে৷ এই অঞ্চলতে ২০১৯ চনৰ নৱেম্বৰত পাকিস্তানী সন্ত্রাসবাদীৰ অনুপ্রৱেশ বিফল কৰিছিল বি এছ এফে৷
এই অঞ্চলটোতে গোপন সুৰংগ চিনাক্ত কৰাটো তাৎপর্যপূর্ণ৷ উল্লেখ্য যে ১০ দিনৰ ভিতৰতে দুটাকৈ মাটিৰ তলত থকা গোপন সুৰংগ বি এছ এফে চিনাক্ত কৰাৰ পাছত এই কথা নিশ্চিত হৈছে যে পাকিস্তানী সন্ত্রাসবাদীয়ে গোপনে ভাৰতত প্রৱেশ কৰাৰ বাবে এনে সুৰংগ ব্যৱহাৰ কৰি আহিছে৷ সম্প্রতি সমগ্র অঞ্চলটো ঘেৰাও কৰি অধিক তথ্যৰ বাবে অভিযান চলাই আছে বি এছ এফে৷