নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিন পৰাক্রম দিৱস উপলক্ষে শনিবাৰে কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম’ৰিয়েলত মহান স্বাধীনতা যোদ্ধাগৰাকীক স্মৰণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রী মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন পশ্চিমবংগৰ তৃণমূল চৰকাৰৰ মাজত নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্মবার্ষিকীৰ দিনাও স্পষ্ট ৰূপত মতভেদ পৰিলক্ষিত হয়৷ কেন্দ্রীয় চৰকাৰে নেতাজীৰ জন্মদিনক পৰাক্রম দিৱস হিচাপে উদযাপনৰ ঘোষণা কৰি নেতাজীৰ ১২৫সংখ্যক জন্মদিনটো প্রথম পৰাক্রম দিৱস হিচাপে কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম’ৰিয়েলত পালন কৰা হয়৷ এই কার্যসূচীত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে স্বাধীনতা যুঁজাৰু, ভাৰতৰত্ন সুভাষ চন্দ্র বসুৰ আদর্শ, কর্মৰাজিক শ্রদ্ধাৰে সোঁৱৰণ কৰে৷
ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে নেতাজীৰ দ্বাৰা এসময়ত দেখা সপোন সার্থক কৰি এল এ চিৰ পৰা এ অ’ চিলৈ আজি ভাৰতৰ শক্তিশালী অৱতাৰ বিশ্বই প্রত্যক্ষ কৰিছে৷ সার্বভৌমত্বৰ প্রতি কোনোবাই ভাবুকি অনাৰ পদক্ষেপ ল’লে ভাৰতে যথোচিত প্রত্যুত্তৰ দি আছে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ বৃহত্তম সমস্যা দৰিদ্রতা, নিৰক্ষৰতা, ৰোগ আদিৰ বিষয়ে নেতাজী সুভাষ চন্দ্র বসুৱে সঠিকভাৱে জ্ঞাত আছিল৷ এই সমস্যাবোৰ সমাধান কৰিব লাগিলে সমাজ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগিব৷ উল্লেখ্য যে ভিক্টৰিয়া মেম’ৰিয়েলত ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়– ‘এইটো মোৰ ভাগ্য যে ২০১৮ চনত আন্দামান দ্বীপপুঞ্জক নেতাজী সুভাষ চন্দ্র বসু দ্বীপ হিচাপে নামকৰণ কৰিছিলোঁ৷ দেশৰ উদ্যমক অনুভৱ কৰি নেতাজী সম্পর্কীয় কিছু ফাইল আমাৰ চৰকাৰে ৰাজহুৱা কৰিছিল৷ আমাৰ চৰকাৰৰ বাবে এইটোও সৌভাগ্য আছিল যে ২৬ জানুৱাৰীৰ পেৰেডত আই এন এ (আজাদ হিন্দ ফৌজ)ৰ প্রবীণসকলে অংশগ্রহণ কৰিছিল৷ প্রধানমন্ত্রী মোদীয়ে ইয়াকো কয় যে ২৩ জানুৱাৰীত নেতাজীৰ জন্মবার্ষিকী এতিয়াৰে পৰা দেশে পৰাক্রম দিৱস হিচাপে উদ্যাপন কৰিব৷ আজি পুৱা অসমত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰি বিয়লি কলকাতাত উপস্থিত হয় প্রধানমন্ত্রী মোদী৷
কলকাতাত প্রধানমন্ত্রী মোদীক আদৰণি জনায় ৰাজ্যপাল জগদীপ ধনখৰ আৰু উচ্চ পর্যায়ৰ বিষয়াই৷ বিমানবন্দৰৰ পৰাই পোনে পোনে প্রধানমন্ত্রী মোদীয়ে নেতাজী সুভাষ চন্দ্র বসুৰ জন্মস্থান নেতাজী ভৱনলৈ যায় আৰু ইয়াতে নেতাজীক গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্রধানমন্ত্রীগৰাকীয়্৷ ইয়াৰ পাছত প্রধানমন্ত্রী মোদী ৰাষ্ট্রীয় পুথিভঁৰাললৈ গৈ তাত থকা সংগ্রহৰাজি পৰিদর্শন কৰাৰ লগতে শিল্পী, কলা–কুশলীৰে বার্তালাপ কৰে৷ এই কার্যসূচী সমাপন কৰি প্রধানমন্ত্রীগৰাকী ভিক্টৰিয়া মেম’ৰিয়েললৈ যায় আৰু তাতেই উপস্থিত জনতাক সম্বোধন কৰে৷ ইপিনে পৰাক্রম দিৱসত প্রধানমন্ত্রী উপস্থিত হোৱাৰ পূর্বেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা মেনার্জীয়ে নেতাজীৰ ১২৫সংখ্যক জন্মদিৱস বছৰজোৰাকৈ পালন কৰাৰ ঘোষণাৰে এটা সমদল উলিয়ায়৷
আনপিনে প্রধানমন্ত্রী কলকাতা ভিক্টৰিয়া মেম’ৰিয়েলত উপস্থিত হোৱাৰ সময়ত প্রধানমন্ত্রীগৰাকীৰ্ সৈতে মুখ্যমন্ত্রী মমতায়ো মঞ্চত স্থান গ্রহণ কৰে৷ প্রধানমন্ত্রী মোদীৰ সভাত উপস্থিত হোৱাৰ সময়ত জনতাই জয় শ্রীৰাম ধ্বনি দিয়ে৷ ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰে মুখ্যমন্ত্রী বেনার্জী৷ ক্ষুণ্ণ মুখ্যমন্ত্রী বেনার্জীয়ে এই অসন্তুষ্টি মুকলিকৈ প্রকাশ কৰে৷ উপস্থিত জনতাই জয় শ্রীৰাম আৰু মোদী মোদী শ্লোগান দিয়াৰ পাছত মুখ্যমন্ত্রী বেনার্জীক ভাষণ দিবলৈ আহ্বান জনায়৷ জয় শ্রীৰাম আৰু মোদী মোদী শ্লোগানক লৈ ক্ষুণ্ণ বেনার্জীয়ে ভাষণ দিবলৈ উঠে যদিও এই ধ্বনি দিয়াৰ প্রতিবাদত তেওঁ ভাষণ আধৰুৱাকৈ সামৰে৷ ভাষণ প্রদান নকৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰে কার্যসূচীলৈ মাতি আনি তেওঁক ইতিকিং কৰিছে৷ ভাষণ আৰম্ভ কৰিয়ে মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় চৰকাৰৰ কার্যসূচীত মর্যাদা থকা উচিত৷ কিয়নো এই কার্যসূচী কোনো ৰাজনৈতিক দলৰ নহয়৷ তদুপৰি তেওঁ কয়– যেতিয়া এক চৰকাৰী কার্যসূচী আয়োজন কৰা হয়, তেতিয়া কিছু মর্যাদা থকা বুলি মই ভাবোঁ৷ এই কার্যসূচী কোনো এটা ৰাজনৈতিক দলৰ নহয়, সকলো দল আৰু জনতাৰহে কার্যসূচী৷ হিন্দীতে মুখ্যমন্ত্রী বেনার্জীয়ে কয়– কাৰোবাক আমন্ত্রণ কৰি আনি অসন্মান কৰাটো আপোনালোকক শোভা নিদিয়ে৷ ইয়াৰ প্রতিবাদত মই আৰু একো নকওঁ৷ জয় হিন্দ, জয় বাংলা৷