নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ এইবাৰৰ কুচকাৱাজত ক’ভিড মহামাৰীৰ বাবে জনসাধাৰণৰ উপস্থিতি হ’ব সেৰেঙা৷ লক্ষণীয়ভাৱে কোনো মুখ্য অতিথি নাথাকিব এইবাৰৰ গণৰাজ্য দিৱসত৷ ৫০ বছৰৰ ভিতৰত মুখ্য অতিথি অবিহনে পালন কৰা হ’ব দিল্লীত ৭২সংখ্যক গণৰাজ্য দিৱস৷ ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছনক এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছিল যদিও ক’ভিড মহামাৰীৰ বাবে এই আমন্ত্রণ প্রত্যাখ্যান কৰিছে নেতাগৰাকীয়ে৷
স্মর্তব্য যে ১৯৫২, ১৯৫৩ আৰু ১৯৬৬ চনতো গণৰাজ্য দিৱসৰ কুচকাৱাজত নাছিল মুখ্য অতিথি৷ পুৱা ৮ বজাত পতাকা উত্তোলন কৰা হ’ব যদিও পূর্বৰ ডেৰ লাখ লোকৰ পৰিৱর্তে এইবাৰ দর্শক হিচাপে থাকিব মাত্র ২৫ হাজাৰ লোক৷ সেইদৰে সাংবাদিকৰ সংখ্যাও ৩০০ৰ পৰা ২০০লৈ হ্রাস কৰা হৈছে গণৰাজ্য দিৱসৰ কার্যসূচী৷ ১৫ বছৰৰ তলৰ কিশোৰ–কিশোৰী গণৰাজ্য দিৱসৰ কার্যসূচীৰ দর্শক হ’ব নোৱাৰিব৷