নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাৰ জামে মছজিদত অচিনাকি যুৱকৰ দল, পৰিচয় সোধাত পলোৱাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বেলতলাৰ জামে মছজিদত কালি নিশা সৃষ্টি হয় এক উত্তেজনা। এটা ১৫ জনীয়া দলে মছজিদত নামাজ পঢ়াৰ সময়ত প্ৰৱেশ কৰি নামাজত অংশ লয়।  কিন্তু নামাজ পঢ়াৰ নীতি-নিয়মৰ বিসংগতি দেখি আন নামাজ পঢ়া যুৱকসকলৰ সন্দেহ হোৱাত তেওঁলোকৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

এনে সময়তে তেওঁলোকে অন্তৰ্ধান হ’বলৈ চেষ্টা কৰে যদিও ৯জন লোকক কৰায়ত্ত কৰে লোকসকলে। আনহাতে পৰিচয় পত্ৰ সন্দৰ্ভত আবদ্ধ যুৱকেইজনে স্থানীয় ৰাইজৰ লগত তৰ্কত লিপ্ত হয়। অসমীয়া বুজি নোপোৱা এই যুৱককেইজনক লৈ সন্দেহ ওপজাত নিশাই ঘটনা সন্দৰ্ভত আবদ্ধ কৰা ৯জন যুৱকক স্থানীয় বশিষ্ঠ আৰক্ষী থানাত গতাই দিয়া হয়।

স্থানীয় লোকৰ ভাষ্য মতে, যুৱককেইগৰাকীয়ে তিনিচুকীয়াৰ পৰা ফুৰিবলৈ অহা বুলি কৈ নামাজৰ সময় হোৱাত নামাজ পঢ়াৰ ইচ্ছা প্ৰকাশ কৰাত ৰাইজে সন্মতি দিয়ে যদিও নামাজ পঢ়াৰ বিসংগতি ধৰা পৰে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কি পালে সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই যদিও ঘটনাটোৱে এক অশুভ ইংগিত বহন কৰা বুলি চৰ্চা হৈছে ৰাইজৰ মাজত।

You might also like