নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভিন্ন ক্ষেত্রত অৰিহণা আগবঢ়োৱা ২৭ ব্যক্তিক সম্বর্ধনা

সাংবাদিক পৰিষদ, অসমৰ মহানগৰ জিলাৰ বিশেষ সভা

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ সাংবাদিক পৰিষদ অসমৰ সহযোগত গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত দেওবাৰে দিছপুৰস্থিত গড়কাপ্টানী প্রশিক্ষণ কেন্দ্রত এক বিশেষ সভা আৰু সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সাংবাদিক পৰিষদৰ সভাপতি চন্দ্র কুমাৰ বৰুৱাৰ সভাপতিত্বত আনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে দৈনিক অগ্রদূত কাকতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকা উপস্থিত থাকে৷ সভাৰ আৰম্ভণিত তেওঁ বন্তি প্রজ্বলন কৰে৷ বিশিষ্ট সাংবাদিকগৰাকীয়ে সভাৰ উদ্বোধনী ভাষণ প্রদান কৰি কয় যে এতিয়া সমাজত কাম কৰিবলৈ ৰাজনীতিয়ে আটাইতকৈ উত্তম৷ আজিৰ সমাজত মানুহ কিয় ইমান ধনৰ পাছত দৌৰে বুলি ডেকাই উল্লেখ কৰে৷ তেওঁ লগতে সাংবাদিক পৰিষদৰ গুৱাহাটী মহানগৰ জিলাই এনেকুৱা সম্বর্ধনা অনুষ্ঠান পতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে সাংবাদিক পৰিষদ অসমক এখন অভিৱর্তন পাতিবলৈ অনুৰোধ জনায়৷ অভিৱর্তনৰ সামগ্রিক খৰচ দৈনিক অগ্রদূতৰ তৰফৰ পৰা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্রাগ নিউজ চেনেলৰ সঞ্চালক সঞ্জীৱ নাৰায়ণ৷ সম্বর্ধনা অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে অংশ লৈ অসম চৰকাৰৰ প্রাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ধ্রুৱ মহন্ত, বিশিষ্ট সাংবাদিক তথা প্রকৃতিপ্রেমী অপূর্ব বল্লভ গোস্বামী, ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই চমু ভাষণ দিয়ে৷ ইপিনে, বিশিষ্ট অতিথি হিচাপে ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই উপস্থিত থাকি ভাষণত কয় যে ইতিবাচক কাম কৰা লোকক উৎসাহিত কৰিব নোৱাৰিলে এটা সুস্থ–সবল জাতি গঢ় দিব নোৱাৰে৷ উল্লেখ্য যে ৰাজ্যৰ সংবাদ সেৱা, সমাজসেৱা, উদ্যোগ–বাণিজ্য, সাহিত্য , সংস্কৃতি, চিকিৎসাসেৱাৰ লগতে বিভিন্ন ক্ষেত্রত বিশেষ অৰিহণা আগবঢ়াই অহা প্রায় ২৭গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ বিশিষ্ট সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, বিশিষ্ট চিকিৎসক ডাঃ গোপাল কলিতা, বিশিষ্ট অভিনেতা চম্পক শর্মা, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী, বিশিষ্ট চিকিৎসক ডাঃ ভৱানন্দ দাস, ডি ৱাই ৩৬৫ৰ পৰিচালন সঞ্চালিকা দীপান্বিতা জয়ছোৱাল, বিশিষ্ট সমাজকর্মী তথা যুৱ ব্যৱসায়ী ৰাজীৱ দাস, ৰাষ্ট্রীয় ধাৰাবাহিকৰ অভিনেতা জীৱিতেশ মজুমদাৰসহ প্রায় ২১গৰাকী ব্যক্তিক ফুলাম গামোচা, মানপত্র, ফুলাম জাপি আৰু এটি কিতাপৰ টোপোলাৰে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ সাংবাদিক পৰিষদ অসমৰ গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক মনোজ ডেকাই আঁত ধৰা সভাত এটি সমৱেত সংগীত পৰিৱেশনেৰে সভা আৰম্ভ কৰা হয়৷ সম্বর্ধনা অনুষ্ঠানত বিশেষ কাৰণবশতঃ কেইগৰাকীমান বিশিষ্ট ব্যক্তি উপস্থিত থকিব নোৱাৰিলে৷ বিশেষকৈ মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা উপস্থিত থাকিব নোৱাৰিলে৷ এইসকল সম্বর্ধনাপ্রাপকক নিজ কার্যালয়ত সাংবাদিক পৰিষদৰ গুৱাহাটী মহানগৰ জিলাই প্রদান কৰিব বুলি সাধাৰণ সম্পাদক মনোজ ডেকাই উল্লেখ কৰে৷ জাতীয় সংগীতৰে সভা সমাপ্ত হয়৷

You might also like