নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটক লৈ তুংগত উঠিছে কংগ্রেছ–ৰাইজৰ দলৰ বাক্যুদ্ধ

আজমলৰ বোকোচাত উঠি মুখ্যমন্ত্রী হোৱাৰ মন প্রদ্যুৎ বৰদলৈৰঃ ভাস্কো ডি শইকীয়া

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ মহাজোঁটক কেন্দ্র কৰি কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত বাক্যুদ্ধ তুংগত উঠিছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফ দলক সাম্প্রদায়িক দল বুলি ৰাইজৰ দলে অভিহিত কৰি আজমল থকা দলৰ সৈতে তেওঁলোকে মিত্রতা নকৰে বুলি স্পষ্ট কৰি দিয়াৰ লগতে বাঁওপন্থী দলসমূহকো আজমলৰ কাষৰ পৰা আঁতৰি অহাৰ আহ্বান জনায়৷ ৰাইজৰ দলৰ সেই ভাষ্যৰ পাছতেই জ্যেষ্ঠ কংগ্রেছ নেতা, এ আই চি চিৰ সম্পাদক তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে ৰাইজৰ দলক বিজেপিৰ বি টীম বুলি অভিহিত কৰে৷ সাংসদ বৰদলৈৰ সেই মন্তব্যক হাস্যকৰ আখ্যা দি ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে ৰাইজৰ দলক বিজেপিৰ বি টীম আখ্যা দিবলৈ গৈ নিজে হাঁহিয়াতৰ পাত্র হৈছে৷ প্রদ্যুৎ বৰদলৈ নগাঁৱৰ সাংসদ হওঁতেই বৰুদ্দিন আজমলৰ ওচৰত বিক্রী হৈছিল৷ এতিয়া তেওঁ আজমলৰ বোকোচাত উঠি অসমৰ মুখ্যমন্ত্রী হোৱাৰ কল্পনা কৰিছে৷

প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত দেওবাৰে আয়োজিত এখন সংবাদ মেলত সাংসদ বৰদলৈয়ে ৰাইজৰ দলক বিজেপিৰ বি টীম নহ’বলৈ পুনৰ সকীয়নি প্রদান কৰি কয় যে তেওঁলোকে কোৱা অনুসৰি যদি বিজেপিক প্রতিহত কৰিব বিচাৰে, তেওঁলোকে এনে কাম কৰিব নালাগে, য’ত বিজেপি লাভান্বিত হ’ব৷ বিজেপিক প্রতিহত কৰাৰ বাবে কংগ্রেছকে ধৰি ছটা ৰাজনৈতিক দল একগোট হৈ মহাজোঁট গঠন কৰিছে৷ এই মহাজোঁটত আঞ্চলিক গণ মর্চা, চি পি আই, চি পি আই (এম), চি পি আই (এম এল)ও আছে৷ আসন্ন বিধানসভা নির্বাচনত এই মহাজোঁটে একেলগে যুঁজি বিজেপিক প্রতিহত কৰিব৷ সেই চৰকাৰৰ মুখ্যমন্ত্রী কোন হয় পাছত দেখা যাব৷ তেওঁৰ তেনে উচ্চাকাংক্ষা নাই৷

সংবাদ মেলখনত বৰদলৈয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সমালোচনা কৰি কয় যে ৰঞ্জিত দাসে ভয় খাইছে৷ সেয়ে দাসে লাগ–বান্ধ নোহোৱা কথা ক’বলৈ লৈছে৷ ৰঞ্জিত দাসে কেৱল এ আই ইউ ডি এফৰ কথা কয়৷ কিন্তু আঞ্চলিক গণ মর্চা, বাঁওপন্থী দলবোৰৰ কথা নকয়৷ সংবাদ মেলখনত বৰদলৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি শিৱসাগৰৰ জেৰেঙা পথাৰত দিয়া ভাষণৰ তীব্র সমালোচনা কৰি কয় যে মোদীয়ে অসম বুৰঞ্জী বিকৃত কৰি, অপভ্রংশৰ ব্যাখ্যা দি অসমত নির্বাচনী যাত্রা আৰম্ভ কৰে৷ কিন্তু তেওঁ জেৰেঙাৰ আর্তনাদ শুনাৰ চেষ্টা নকৰিলে৷ অসমত জেৰেঙা পথাৰৰ পৰাই বিজেপি নিঃশেষ হ’ব৷ কাৰণ অসমত বর্তমান ল’ৰাৰজা আৰু লালুকসোলা বৰফুকনৰ দৰে শাসন চলিছে৷ অসমত সুশাসন বিচৰাসকলৰ বিৰুদ্ধে হিংস্র পশুৰ দৰে জঁপিয়াই পৰিছে৷ প্রতিবাদী সত্তা অখিল গগৈৰ ওপৰত এটাৰ পাছত এটা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে৷ সম্ভাৱনাময় নেতৃত্বৰ বিৰুদ্ধে চি বি আই, ভিজিলেঞ্চ, ইনকাম টেক্স, আৰক্ষীৰ লোকক ব্যৱহাৰ কৰিছে৷ জাতি–মাটি–ভেটিৰ পৰা অসমীয়াক উচন কৰাৰ বাবে, নিঃশেষ কৰাৰ বাবে ষড়যন্ত্র চলাই গৈছে৷ কালি প্রধানমন্ত্রীয়ে ভাষণত কৰা ঘোষণাসমূহ মিথ্যাচাৰ বুলি অভিহিত কৰি সেই সম্পর্কত বিস্তৃতভাৱে প্রতিক্রিয়া ব্যক্ত কৰে৷

You might also like