নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিয়েই অধিনায়ক হৈ থাকিবঃ ৰাহানে

‘বিৰাটৰে কোনো মনোমালিন্য নাই, মই সহঃ অধিনায়কৰ দায়িত্ব পালন কৰিম’

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ স্থায়ী অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত অষ্ট্রেলিয়াৰ মাটিত টীম ইণ্ডিয়াক ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ সোৱাদ দিয়া আজিংক্য ৰাহানে ভাৰতীয় টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব ল’বলৈ ইচ্ছুক নহয়৷ বিৰাট কোহলি ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক হৈ থকাটো বিচাৰিছে ৰাহানেই৷ তেওঁ টেষ্ট দলটোৰ সহঃ অধিনায়কৰ দায়িত্ব পালন কৰি যাব বুলি মন্তব্য কৰে৷ ইংলেণ্ডৰ বিপক্ষে আগন্তুক চাৰিখনীয়া ঘৰুৱা টেষ্ট শৃংখলাটোত কোহলিৰ প্রত্যাৱর্তনক লৈ সাংবাদিকে কৰা এক প্রশ্ণত আজিংক্য ৰাহানেই কয় যে বিৰাট কোহলিয়ে ভাৰতীয় দলটোৰ অধিনায়ক আৰু ভৱিষ্যতেও তেওঁ অধিনায়ক হৈ থাকিব৷ যেতিয়া তেওঁ নাথাকিব, তেতিয়া মই ভাৰতীয় টেষ্ট দলটোৰ দায়িত্ব চম্ভালি লওঁ আৰু দলটোক জয়ৰ সোৱাদ দিবলৈ চেষ্টা কৰোঁ৷ অষ্ট্রেলিয়াৰ মাটিত কোহলিৰ অনুপস্থিতিত টীম ইণ্ডিয়াক ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ সোৱাদ দিয়াৰ পিছত আজিংক্য ৰাহানেক ভাৰতীয় টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰিব লাগে বুলি ক্রীড়া মহলত ব্যাপক চর্চা চলি আছে যদিও ৩২ বছৰীয়া ৰাহানেই কয় যে বিৰাট কোহলিৰে তেওঁৰ কোনোধৰণৰ মনোমালিন্য নাই৷ কোহলিয়েই ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰি যোৱা উচিত৷ সহঃ অধিনায়কৰ দায়িত্ব পালন কৰি কোহলিক সদায়েই সহায় কৰি যাব বিচাৰোঁ৷ অৱশ্যে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেনগৰাকীৰ অনুপস্থিতিত দলটোৰ দায়িত্ব ল’বলৈ মই সম্পূর্ণৰূপে সাজু আছোঁ৷ কোহলিয়ে দলটোৰ অধিনায়কৰ দায়িত্ব গ্রহণ কৰি আছে আৰু ভৱিষ্যতলৈও থাকিব৷ টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব লোৱাক লৈ মই কোনো খৰখেদা কৰা নাই৷ ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আসন্ন চাৰিখনীয়া টেষ্ট শৃংখলাটোলৈ তেওঁ সম্পূর্ণৰূপে সাজু আছে বুলি মন্তব্য আগবঢ়ায়৷ শৃংখলাটোত উন্নত বেটিং প্রদর্শনেৰে ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা ল’ব বিচাৰে ৰাহানেই৷ উল্লেখ্য যে টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাটো ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু প্রথমখন টেষ্ট চেন্নাইত অনুষ্ঠিত হ’ব৷

You might also like