নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহনীয়া কুকুৰ–মেকুৰীকো প্রদান কৰক ক’ভিড ভেকচিন

আমেৰিকাৰ চিকিৎসা বিজ্ঞানীৰ পৰামর্শঃ জীৱ–জন্তুৱে বিয়পাব পাৰে মহামাৰী

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি মহাসংহাৰ অব্যাহত ৰখাৰ সময়ত বিভিন্ন দেশে গণ টিকাকৰণ অভিযান চলাই আছে যদিও এই মহামাৰীৰ পৰা শীঘ্রে পৃথিৱীয়ে পৰিত্রাণ পোৱাৰ সম্ভাৱনা কম৷ শেহতীয়াকৈ বিজ্ঞানীসকলে আশংকা প্রকাশ কৰিছে যে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন মানুহক প্রদান কৰা হৈছে যদিও পোহনীয়া জীৱ–জন্তুৰ শৰীৰত এই ভাইৰাছবিধ থাকি যাব পাৰে৷ বহু বিজ্ঞানীয়ে উল্লেখ কৰা অনুসৰি পোহনীয়া কুকুৰ, মেকুৰী হৈছে বিভিন্ন ভাইৰাছৰ সংৰক্ষণ ক্ষেত্র৷ অর্থাৎ পোহনীয়া জীৱ–জন্তুৰ পৰা মানৱ সমাজলৈ ক’ভিড মহামাৰীৰ সংক্রমণ ঘটি থাকিব পাৰে৷ গতিকে অকল মানুহেই নহয়, পোহনীয়া কুকুৰ, মেকুৰী আদিকো ক’ভিড প্রতিৰোধী ভেকচিন প্রদান কৰাৰ প্রয়োজন আছে বুলি একাংশ বিজ্ঞানীয়ে ঘোষণা কৰিছে৷ এই চিকিৎসা বিজ্ঞানীসকলৰ পৰামর্শ তথা মন্তব্যৰ কথা সবিস্তাৰে প্রকাশ কৰিছে ভাৰুলেন্স নামৰ জার্নালখনে৷ জার্নালখনৰ সম্পাদকীয় স্তম্ভত এই গুৰুত্বপূর্ণ কথা উল্লেখ কৰা হৈছে৷ ডেইলী মেইলৰ প্রতিবেদন অনুসৰি পোহনীয়া জীৱ–জন্তুৰ পৰা বিভিন্ন ৰোগৰ বীজাণু মানুহলৈ বিয়পে৷ মানুহৰ পৰা জীৱ–জন্তুলৈ ৰোগৰ বীজাণু সাধাৰণতে কমকৈ বিয়পে৷ পোহনীয়া কুকুৰ, মেকুৰী বা অন্যান্য জীৱ–জন্তুক ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রদান কৰিলেহে মানৱ সমাজ মহামাৰীৰ পৰা মুক্ত হ’ব পাৰিব বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানীয়ে জীৱ–জন্তুৰ বাবে ক’ৰোনাৰ টিকা উদ্ভাৱনৰ ক্ষেত্রত গৱেষণা চলাবলৈ পৰামর্শও আগবঢ়াইছে৷ স্মর্তব্য যে ডেনমার্কৰ বিভিন্ন পশুপালন গৃহত ইতিমধ্যে ক’ভিড–১৯ প্রতিৰোধী সজাগতা অভিযান আৰম্ভ কৰা হৈছে৷ পশুপালকসকলে এই অভিযানৰ অংশ হিচাপে পোহনীয়া জীৱ–জন্তুক ক’ভিডমুক্ত কৰি ৰাখিবলৈ প্রচেষ্টা চলাইছে৷

You might also like