নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদক পূর্ণ সমর্থন জনোৱা পশ্চিমবংগৰ তৃণমূল চৰকাৰে বিধানসভাত এই তিনি কৃষি আইনৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰে৷
ৰাজ্যখনৰ সংসদীয় পৰিক্রমা মন্ত্রী পার্থ চেটার্জীয়ে তিনি কৃষি আইনক কৃষকবিৰোধী আৰু কর্প’ৰেট পক্ষৰ বুলি অভিযোগ তুলি এই আইন প্রত্যাহাৰৰ বাবে প্রস্তাৱ উত্থাপন কৰে বিধানসভাৰ মজিয়াত৷ প্রস্তাৱ উত্থাপন কৰাৰ পাছতেই বিজেপিৰ বিধায়কসকলে থিয় হৈ প্রতিবাদ সাব্যস্ত কৰাই নহয়, জয় শ্রীৰাম ধ্বনি দি বিধানসভাৰ কক্ষৰ পৰা ওলাই আহে৷ বিধানসভাত মুখ্যমন্ত্রী বেনার্জীয়ে কয় যে বিজেপিয়ে সংসদত নির্দয় শক্তি প্রয়োগেৰে তিনি কৃষি আইন গৃহীত কৰিছে৷