নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–মার্কিন সম্পর্কৰ ওপৰত দৃষ্টি বিশ্ববাসীৰ

আমেৰিকাত ডেম’ক্রেটিক পার্টী শাসনলৈ অহাৰ পিছত অন্যতম চর্চিত বিষয়টো হ’ল– ৰাষ্ট্রপতি জ’ বাইডেনৰ পৰা ভাৰতে কি আশা কৰিব পাৰে? ড’নাল্ড ট্রাম্পৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঈর্ষণীয় সু–সম্পর্ক গঢ়ি তুলিছিল৷ ‘হাউডী মোদী’ আৰু ‘নমস্তে ট্রাম্প’ আছিল ইয়াৰ উদাহৰণ৷ প্রব্রজনকাৰী ভাৰতীয়ৰ ক্ষেত্রত ট্রাম্পে কঠোৰ স্থিতি গ্রহণ কৰিলেও সামগ্রিকভাৱে ভাৰতৰে দ্বিপাক্ষিক সম্পর্ক যথেষ্ট মধুৰ আৰু বন্ধুত্বপূর্ণ স্তৰলৈ লৈ যোৱা হ’ল বিগত চাৰি বছৰত৷ চীনৰ আগ্রাসনৰ বিৰুদ্ধে ট্রাম্পে কঠোৰ স্থিতি গ্রহণ কৰি ভাৰতক নিৰাপত্তা প্রদান কৰিবলৈ আমেৰিকা যে সদাপ্রস্তুত তাক হাতে–কামে প্রদর্শন কৰিছিল৷ বাইডেনেও ভাৰতৰে দ্বিপাক্ষিক সম্পর্ক একেদৰে আগবঢ়াই নিব বুলি আশা কৰা হৈছে৷ চীন আৰু পাকিস্তানৰ সৈতে বাইডেনে কিদৰে সম্পর্ক গঢ়ি তোলে তাৰ ওপৰত ভাৰতৰ স্বার্থ বহুখিনি নির্ভৰ কৰিছে৷ বাৰাক অ’বামা প্রশাসনৰ সময়তো ভাৰত–আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক মধুৰ হৈ উঠিছিল৷ ২০০৯ চনত অ’বামাই শপত গ্রহণ কৰাৰ পিছত তদানীন্তন প্রধানমন্ত্রী মনমোহন সিং আছিল প্রথমজন আমন্ত্রিত ৰাষ্ট্রপ্রধান৷ ইয়াৰ জৰিয়তে অ’বামাই এই বার্তা প্রেৰণ কৰিছিল যে জর্জ বুশ্ব প্রশাসনৰ সময়ত ভাৰতৰে যি সম্পর্ক গঢ় লৈ উঠিছিল তাক অব্যাহত ৰখা হ’ব৷ বুশ্ব ৰাষ্ট্রপতি হৈ থাকোঁতেই ভাৰতৰে পৰমাণু চুক্তি সম্পন্ন হৈছিল৷ ইয়াৰ লগে লগে দুয়োখন দেশৰ সম্পর্কই অন্য এক মাত্রা লাভ কৰিছিল৷ ভাৰতক প্রতিৰক্ষা সহযোগী হিচাপে ঘোষণা কৰিছিল ৱাশ্বিংটনে৷ গতিকে ৰাষ্ট্রপতি সলনি হ’লেও দুয়োখন দ্বিপাক্ষিক সম্পর্কত খুব বেছি প্রভাৱ পৰিব বুলি ক’ব নোৱাৰি৷ অৱশ্যে আৰম্ভণিতেই বাইডেনে এইচ১বি ভিছাৰ ক্ষেত্রত নমনীয় স্থিতি গ্রহণ কৰি ভাৰতৰ বাবে সুখবৰ প্রেৰণ কৰিছে৷ অ’বামা প্রশাসনৰ সময়ত এইচ১বি ভিছা থকা প্রব্রজনকাৰীৰ ওপৰত মাচুল তিনি গুণ বৃদ্ধি কৰা হৈছিল৷ ট্রাম্পে অধিক কঠোৰ স্থিতি গ্রহণ কৰি এইচ১বি ভিছা থকা প্রফেছনেলসকলৰ পত্নীক আমেৰিকাত চাকৰিৰ অনুমতি বাতিল কৰিছিল৷ এইচ–৪ ভিছা থকা ভাৰতীয় মহিলাসকল ইয়াৰ ফলত সমস্যাত পৰিছিল, কাৰণ তেওঁলোকৰ ৯০ শতাংশই হ’ল উচ্চশিক্ষিত৷ এটা সময়ত তেওঁলোকে উচ্চহাৰৰ দৰমহাত আমেৰিকাত চাকৰিও কৰি আছিল৷ ট্রাম্পৰ কঠোৰ স্থিতিৰ ফলত এই ভাৰতীয় পৰিয়ালসমূহত সমস্যাৰ সৃষ্টি হৈছিল৷ অৱশেষত বাইডেনে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিয়েই এইচ–৪ ভিছা থকা প্রব্রজনকাৰীক চাকৰিৰ অনুমতি প্রদান কৰিলে৷ এনেধৰণৰ কিছুমান দিশত বাইডেনৰ প্রশাসনে শীঘ্রে ভাৰতলৈ শুভবার্তা প্রেৰণ কৰাৰ সম্ভাৱনা আছে৷ ২০১৩ চনত ভাৰত ভ্রমণলৈ আহোঁতে বাইডেনে ঘোষণা কৰিছিল যে ২১ শতিকাক সলনি কৰিব পৰা সম্পর্কত পৰিণত হ’ব ভাৰত–মার্কিন সম্পর্ক৷ এটা কথা সহজেই স্পষ্ট যে কেৱল বাইডেনেই নহয়, তেওঁৰ প্রশাসনত থকা গুৰুত্বপূর্ণ ব্যক্তিসকল ভাৰত–মার্কিন সম্পর্কক লৈ উৎসাহী৷ ইয়াৰ মাজতে কেতবোৰ জটিল কূটনৈতিক বিষয়ো আছে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে ‘কা’ আৰু কাশ্মীৰক লৈ বাইডেন নতুন দিল্লীৰ স্থিতিত সন্তুষ্ট নহয়৷ নির্বাচনী প্রচাৰৰ সময়ত ‘কা’ সন্দর্ভত বাইডেনে নিজৰ প্রতিক্রিয়াও প্রকাশ কৰিছে৷ এনেধৰণৰ দুই–এটা বিষয়ত দুয়োখন দেশৰ পূর্বৰে পৰা মতানৈক্য আছে আৰু থাকিব৷ কিন্তু সামগ্রিকভাৱে দ্বিপাক্ষিক সম্পর্কত এনেধৰণৰ দিশসমূহে প্রভাৱ পেলোৱাৰ কোনো সম্ভাৱনা নাই৷ ভাৰত–ৰাছিয়া সম্পর্ক সন্দর্ভত বাইডেনৰ দৃষ্টিভংগীও হ’ব মন কৰিবলগীয়া৷ ছোভিয়েট ইউনিয়নৰ দিনৰে পৰা ভাৰতে সামৰিকভাৱে তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰি আহিছে৷ ছোভিয়েটৰ পতনৰ পিছত ৰাছিয়াৰ সৈতে সেই একে সম্পর্ক গঢ় লৈ উঠি এতিয়া পৰিপক্বতা লাভ কৰিছে৷ এতিয়াও ভাৰতৰ ৬০ শতাংশ সামৰিক অস্ত্র–শস্ত্র হ’ল ৰুছ মূলৰ৷ ৰাছিয়াৰ পৰা সামগ্রী ক্রয়ৰ ক্ষেত্রত বাইডেন প্রশাসনে যদি প্রতিবন্ধকতা আৰোপ কৰে, তেন্তে দুয়োখন দেশৰ মাজত সংঘাত সৃষ্টিৰ সম্ভাৱনা নথকা নহয়৷ অৱশ্যে মার্কিন ৰাষ্ট্রপতি প্রতিবন্ধকতাৰ এই নিয়মৰ ক্ষেত্রত ৰেহাই প্রদানৰ ক্ষমতা প্রদান কৰিছে কংগ্রেছে৷ সেয়ে বাইডেনে ভাৰত–ৰাছিয়া সম্পর্কত হস্তক্ষেপ নকৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ৰাছিয়াৰ পৰা ভাৰতে বৃহৎ প্রতিৰক্ষা সামগ্রী ক্রয় কৰাৰ বাবে প্রক্রিয়া চলি আছে৷ ভাৰতে কেতিয়াও এই প্রক্রিয়া বিঘ্ণিত হোৱাটো নিবিচাৰে৷

You might also like