নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯ ভাইৰাছৰ বিৰুদ্ধে মেড ইন ইণ্ডিয়া ভেকচিন উৎপাদনৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত বর্ষৰ সকলো প্রত্যাহ্বান মোকাবিলা কৰাত ভাৰত সক্ষম বুলি মন্তব্য কৰিছে৷ নেচনেল কেডেট ক’পছ (এনচিচি)ৰ এক সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ৰোনা ভাইৰাছেই হওক অথবা সীমান্ততেই হওক ভাৰতে দেশীয়ভাৱে বিকশিত সামগ্রীৰে প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে৷ ভাৰতক যিসকলে প্রত্যাহ্বান দিবলৈ চেষ্টা চলায়, তেওঁলোকৰ বিৰুদ্ধে আধুনিক ক্ষেপণাস্ত্রৰে সেই প্রত্যাহ্বান মোকাবিলা কৰিবলৈ সম্পূর্ণ সক্ষম ভাৰত৷ যদিও ভাৰত ভেকচিন প্রস্তুত কৰাত আত্মনির্ভৰ, তেনেদৰে সমান্তৰালভাৱে সশস্ত্র বাহিনীক আধুনিকীকৰণৰ অধিক শক্তিশালী কৰাতো সক্ষম৷
সম্প্রতি নতুন অস্ত্র–শস্ত্র আৰু প্রযুক্তিৰে ভাৰতৰ যুদ্ধ সামগ্রী অতি আধুনিক বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সশস্ত্র বাহিনীৰ প্রতিটো শাখাই অতি উত্তম৷ দেশীয়ভাৱে প্রতিৰক্ষা সামগ্রী নির্মাণত দেশ উজ্জীৱিত হৈ থকাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে প্রতিৰক্ষা সামগ্রীৰ ডাঙৰ বজাৰ হিচাপে চর্চিত ভাৰত অতিশীঘ্রেই প্রতিৰক্ষা সামগ্রীৰ বৃহৎ উৎপাদক হিচাপে বিশ্বত স্বীকৃতি লাভ কৰিব৷
মন কৰিবলগীয়া যে অত্যাধুনিক ৰাফেল যুদ্ধ বিমানৰ পাছত ভাৰতে দেশীয়ভাৱে অনেক ক্ষেপণাস্ত্রৰ বিকাশ ঘটোৱাৰ লগতে আন আন যুদ্ধাস্ত্রও বিকশিত কৰি আছে৷ এইক্ষেত্রত মেড ইন ইণ্ডিয়া অর্থাৎ থলুৱাভাৱে উৎপাদিত আৰু বিকশিত অস্ত্র–শস্ত্রক প্রাধান্য দিয়া হৈছে৷