নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীস্থিত ইজৰাইলী দূতাবাসৰ সমীপত আজি সন্ধিয়া আইইডি বিস্ফোৰণ ঘটে৷ ভি ভি আই পিৰে পৰিৱেষ্টিত বিজয়া চ’কৰ পৰা মাত্র ১.৪ কিলোমিটাৰ নিলগত ইজৰাইলী দূতাবাসৰ সমীপত নিম্ন প্রাৱল্যৰ আই ই ডি বিস্ফোৰণ ঘটে যদিও কোনো লোক হতাহত হোৱা নাই৷ দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে সম্পত্তিৰো বিশেষ ক্ষয়–ক্ষতি হোৱা নাই৷
অৱশ্যে বিস্ফোৰণ সংঘটিত স্থানত থকা ৪–৫খন বাহনৰ গ্লাছ চূর্ণ–বিচবর্ণ হৈছে৷ গুৰুত্বপূর্ণ যে বিস্ফোৰণস্থলীৰ পৰা মাত্র ১.৪ কিলোমিটাৰ দূৰত্বতে ৰিট্রিট চেৰিমণিৰ বাবে ৰাষ্ট্রপতি–প্রধানম ধৰি ভি ভি আই পিসকল সমবেত হৈছিল৷ বিস্ফোৰণৰ পাছতে ৰাজধানীৰ বিমান বন্দৰকে ধৰি সকলো জনসমাগম হৈ থকা গুৰুত্বপূর্ণ স্থানত এলার্ট জাৰি কৰা হৈছে৷ জন সমাগম থকা স্থান, বিমানবন্দৰ, ৰে’ল ষ্টেচন, বাছ আস্থান আদিত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ তথ্য মতে, প্লাষ্টিকৰ বেগত থকা বল বিয়াৰিঙৰ লগত আই ই ডি বিস্ফোৰণ ঘটিছে৷
উল্লেখ্য যে ইজৰাইলী দূতাবাসৰ সমীপতে আই ই ডি বিস্ফোৰণ সন্দর্ভত ইজৰাইলী কর্তৃপক্ষই সন্দেহ প্রকাশ কৰা মতে এই বিস্ফোৰণৰ আঁৰত সন্ত্রাসবাদী জড়িত থাকিব পাৰে৷ ৰাজধানী চহৰখনত গণৰাজ্য দিৱসৰ দিনা প্রতিবাদকাৰী কৃষকৰ আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পাছত সমগ্র চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ পাছতো কিদৰে ভি ভি আই পি অঞ্চলটোত আই ই ডি বিস্ফোৰণ সংঘটিত হৈছে তাক লৈ প্রশ্ণ উত্থাপিত হৈছে৷