নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ প্রবীণ গান্ধীবাদী, সমাজকর্মী আন্না হাজাৰেই কাইলৈৰ পৰা গৃহ চহৰ আহমেদ নগৰত আমৰণ অনশনত বহিব৷ তিনি কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনসমূহে চলাই থকা আন্দোলনৰ সমর্থনত প্রবীণ গান্ধীবাদী হাজাৰেই কাইলৈৰ পৰা মহাৰাষ্ট্রৰ আহমেদ নগৰত আমৰণ অনশনত বহিব বুলি এক প্রেছ বিবৃতিযোগে ঘোষণা কৰিছে৷ ৮৪ বছৰীয়া সমাজকর্মী হাজাৰেই তেওঁৰ সমর্থকসকলক দেশৰ প্রান্তে প্রান্তে অনশনত বহিবলৈও বিবৃতিযোগে আহ্বান জনাইছে৷
বিবৃতিত উল্লেখ কৰা মতে বিগত চাৰি বছৰ ধৰি কৃষকৰ গুৰুত্বপূর্ণ দাবীত তেওঁ আন্দোলন চলাই আহিছে৷ কৃষকৰ বিষয়সমূহক লৈ চৰকাৰে সঠিক সিদ্ধান্ত গ্রহণ কৰা নাই৷ চৰকাৰ কৃষকক লৈ সংবেদনশীল নহয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কৃষিমন্ত্রীলৈ বিগত তিনি মাহত তেওঁ পাঁচবাৰ পত্র প্রেৰণ কৰিছে৷ তথাপি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই৷ আনপিনে, কৃষক সংগঠনৰ প্রতিনিধিৰে চৰকাৰী পক্ষই আলোচনা চলাইছে যদিও কৃষকৰ দাবীক লৈ সঠিক সিদ্ধান্তত উপনীত হোৱা নাই৷