বিগত বর্ষত ৬৯৯টা পথ দুর্ঘটনাত মহানগৰীত ২১৫জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ পথ দুর্ঘটনা ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ৰাষ্ট্রীয় পথ সুৰক্ষা মাহকে ধৰি বিভিন্ন সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গুৱাহাটী মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা নাই৷ যান–বাহন আইন উলংঘাৰে চালকে মহানগৰীৰ ৰাজপথত চলোৱা দৌৰাত্ম্যৰ বাবে দিনকদিনে পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে বিগত বর্ষত প্রায় ছমাহ ধৰি লকডাউন থকাৰ পিছতো গুৱাহাটী মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত নহ’ল৷
মহানগৰ আৰক্ষীৰ যান–বাহন শাখাই প্রকাশ কৰা তথ্য অনুসৰি, বিগত বর্ষত মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হৈছে৷ বিগত বর্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ সর্বমুঠ ৬৯৯টা সৰু–বৰ পথ দুর্ঘটনা সংঘটিত হয়৷ এই পথ দুর্ঘটনাত সর্বমুঠ ২১৫জন লোকৰ মৃত্যু হয়৷
ইয়াৰে জানুৱাৰী মাহত সর্বমুঠ ১০৩টা পথ দুর্ঘটনাত ৩০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬২জন লোক আহত হয়৷ ফেব্রুৱাৰী মাহত ৮৩টা পথ দুর্ঘটনাত ২০জনৰ মৃত্যু আৰু ৬৭জন লোক আহত হয়৷ মার্চ মাহত সংঘটিত ৬৭টা পথ দুর্ঘটনাত ১৩জন লোকৰ মৃত্যু আৰু ৬১জন লোক আহত হয়৷ লকডাউনৰ মাজতে এপ্রিল মাহত ১৬টা পথ দুর্ঘটনাত ৯জনৰ মৃত্যু আৰু ১২জন আহত, মে’ মাহত ৩০টা পথ দুর্ঘটনাত ১১জনৰ মৃত্যু আৰু ২০জন আহত, জুন মাহত ৪৮টা পথ দুর্ঘটনাত ১৪জনৰ মৃত্যু আৰু ২৬জন আহত, জুলাই মাহত ২৫টা পথ দুর্ঘটনাত ১০জনৰ মৃত্যু আৰু ১২জন আহত, আগষ্ট মাহত ৩৬টা পথ দুর্ঘটনাত ১২জনৰ মৃত্যু আৰু ২০জন আহত, ছেপ্ঢেম্বৰ মাহত ৬৫টা পথ দুর্ঘটনাত ২২জনৰ মৃত্যু আৰু ৪২জন আহত, অক্টোবৰ মাহত ৭০টা পথ দুর্ঘটনাত ২৬জনৰ মৃত্যু আৰু ৪৪জন আহত, নৱেম্বৰ মাহত ৭২টা পথ দুর্ঘটনাত ২২জনৰ মৃত্যু আৰু ৪৯জন আহত আৰু ডিচেম্বৰ মাহত ৮৪টা পথ দুর্ঘটনাত ২৬জনৰ মৃত্যু আৰু ৫৪জন লোক আহত হয়৷