দিল্লীৰ ট্ৰেক্টৰ সমদলকালীন হিংসাৰ বাবে আটক ৮৪গৰাকী
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ দেশৰ গণৰাজ্য দিৱসত কৃষকৰ ট্ৰেক্টৰ সমদলত হোৱা হিংসাত্মক ঘটনাৰ পিছত এতিয়ালৈ এই ঘটনাক লৈ দিল্লী আৰক্ষীয়ে ৩৮ টা গোচৰ ৰুজু কৰিছে ৷
বহু লোকক সোধা-পোছাৰ বাবে আৰক্ষীয়ে জিম্মালৈ অনাৰ লগতে ঘটনাৰ লগত জড়িত ৮৪জন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য, ট্ৰেক্টৰ ৰেলীত লালকিল্লাত পতাকা উত্তোলন কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছিল দেশৰ পৰিস্থিতি। এই ঘটনাত প্ৰায় ৪০০ গৰাকী আৰক্ষী আহত হৈছিল ৷ লগতে আহত হৈছিলে বহুকেইগৰাকী কৃষক।
ইতিমধ্যে দিল্লী আৰক্ষীৰ এটা দল পঞ্জাৱলৈ ৰাওনা হৈছে ৰুজু হোৱা গোচৰৰ ভিত্তিত ৷ আৰক্ষীয়ে লালকিল্লাত পতাকা উত্তোলন কৰা কৃষক জুগৰাজক আটক কৰাৰ বাবেও পঞ্জাৱলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।