চিনেমাৰ পিছত এইবাৰ ৱেব ছিৰিজতো চেন্সৰশ্বিপঃ কেন্দ্ৰৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ছইফ আলী খান অভিনীত ‘তাণ্ডৱ’ক লৈ বিজেপি শিবিৰত নানা বিতৰ্কৰ সূচনা হৈছিল বা হৈ আছে। এই একেই অভিযোগ তোলা হৈছে অনুষ্কা শর্মা প্রযোজিত জনপ্রিয় ৱেব ছিৰিজ ‘পাতাল লোক’ক লৈও।
আনহাতে, আন এক ৱেব ছিৰিজৰ বাবে ৰোষত পৰিছে ওটিটি প্লেটফর্ম আমাজন প্রাইম। হিন্দুধর্মৰ ভাবাৱেগে আঘাতৰ অভিযোগত কাঠগড়াত তোলা হৈছে খ্যাতনামা ৱেব ছিৰিজ ‘মির্জাপুৰ’ক। মীৰা নায়াৰৰ ‘এ ছুইটেবল বয়’ক লৈও এনে বিতৰ্ক হৈছিল।
এনে বিতৰ্কৰ ওৰ পেলাবলৈ কেন্দ্ৰীয় চৰকাৰে চিনেমাৰ দৰে ৱেব ছিৰিজতো চেন্সৰশ্বিপ আনিব বিচাৰিছে। যৌনতা, হিংসা আদি বিষয়ৰ পৰা যেন এতিয়াৰ পৰা বহু দূৰৈত থাকিব লাগিব ৱেব ছিৰিজ নিৰ্মাতাসকল।
এই প্ৰসংগত কেন্দ্রীয় তথ্য-সম্প্রচাৰ মন্ত্রী প্রকাশ জাভেড়কাৰে মন্তব্য কৰিছে- ‘ওটিটি প্লেটফর্মৰ বেছ কিছু ছিৰিজক লৈ আমি বহু অভিযোগ পাইছো। ৱেব প্লেটফর্মৰ মুক্তিপ্ৰাপ্ত ছবি বা ছিৰিজক প্রেছ কাউন্সিল আইন, কেবল টেলিভিছন নেটৱর্ক (ৰেগুলেচন) আইন বা চেন্সৰ বোর্ডৰ আওতাত নপৰে। তথাপি এনেধৰণৰ বিতৰ্ক যাতে ভৱিষ্যতে নহয়, তাৰ বাবে আমি শীঘ্রে নতুন গাইডলাইন আনিম।’
Guidelines will be announced regarding their functioning soon: Union Minister of Information and Broadcasting, Prakash Javadekar
— ANI (@ANI) January 31, 2021