নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত জেহাদ বিয়পাবলৈ ওছামাৰ ধন লৈছিল শ্বৰীফে

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ কুখ্যাত সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাৰ প্রাক্তন মুৰব্বী ওছামা বিন লাডেনৰ পৰা ধন গ্রহণ কৰিছিল পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফে৷ কাশ্মীৰত জেহাদ শক্তিশালী কৰি তুলিবলৈ এই ধন ব্যয় কৰা হৈছিল বুলিও অভিযোগ উঠিছে৷

স্মর্তব্য যে পূর্বৰে পৰা ওছামা বিন লাডেন আৰু নৱাজ শ্বৰীফৰ মাজত সম্পর্ক থকাৰ বিষয়টোৱে সংবাদ মাধ্যম উত্তপ্ত কৰিছিল৷ শেহতীয়াকৈ এই অভিযোগ কৰিছে আবিদা হুছেইন নামৰ প্রাক্তন কূটনীতিকগৰাকীয়ে৷ আবিদা হুছেইন আছিল আমেৰিকাত পাকিস্তানৰ কূটনীতিকৰ দায়িত্ব গ্রহণ কৰা মহিলা৷ এক্সপ্রেছ ট্রিবিউনৰ প্রতিবেদন অনুসৰি ওছামা বিন লাডেনে নৱাজ শ্বৰীফক এসময়ত সমর্থন কৰা বুলি আবিদা হুছেইনে মন্তব্য কৰিছে৷ নৱাজ শ্বৰীফক সন্ত্রাসবাদত ধন যোগান ধৰাৰ ক্ষেত্রত এক ঢ়াল হিচাপে ওছামা বিন লাডেনে ব্যৱহাৰ কৰিছিল বুলিও প্রাক্তন কূটনীতিকগৰাকীয়ে উল্লেখ কৰিছে৷

স্মর্তব্য যে নৱাজ শ্বৰীফ চৰকাৰৰ সময়ত আবিদা আছিল কেবিনেটৰো এগৰাকী সদস্যা৷ বিন লাডেন এটা সময়ত বিভিন্ন দেশত জনপ্রিয় আছিল৷ আনকি বহু আমেৰিকানেও লাডেনক এগৰাকী ‘জনপ্রিয় উগ্রপন্থী’ হিচাপে পছন্দ কৰিছিল বুলি আবিদাই মন্তব্য কৰিছে৷

স্মর্তব্য যে মাত্র কিছুদিন পূর্বে দেশখনৰ পি টি আই সাংসদ ফাৰুক হাবিবে অভিযোগ কৰিছিল যে পূর্বৰ বেনজিৰ ভূট্টোৰ চৰকাৰ উৎখাত কৰিবলৈ এক অনাস্থা প্রস্তাৱ অনাৰ বাবেই লাডেনৰ পৰা শ্বৰীফে ১০ নিযুত ডলাৰ লাভ কৰিছিল৷ হাবিবৰ এই অভিযোগৰ পিছতে আবিদাৰ অভিযোগক লৈ এতিয়াও সৃষ্টি হৈছে চাঞ্চল্য৷ পাকিস্তানৰ ৰাজনীতিত পুনৰ এই অভিযোগে তীব্র জোকাৰণি সৃষ্টি কৰিছে৷

You might also like