বাজেট ২০২১ঃ বৃদ্ধি হ’ব সুৰাৰ দাম, পেট্ৰ’ল-ডিজেলৰো মূল্যবৃদ্ধি
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা পেট্ৰ’ল-ডিজেলৰ লগতে বাঢ়িব সুৰাৰ মূ্ল্য। কেন্দ্ৰীয় চৰকাৰে এলকহলযুক্ত পানীয়ৰ ওপৰত এগ্ৰী ইনফ্ৰা চেছ অৰ্থাৎ কৃষি আন্তঃগাঁথনি কৰ ১০০ শতাংশ আৰোপ কৰিছে।
ফলত বৃদ্ধি হ’ব সকলো ধৰণৰ সুৰাৰ দাম। আজি বাজেট দাখিল কৰিবলৈ গৈ এই ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে।
উল্লেখ্য, ক’ৰোনাকালীন পৰিস্থিতিত দেশত ঘোষণা কৰা লকডাউনৰ বাবে মাৰ্চৰ তৃতীয় সপ্তাহৰ পৰা বন্ধ হৈ পৰিছিল সকলো খণ্ড। এই সময়ত কমি গৈছিল ৰাজহ সংগ্ৰহৰ পৰিমাণ। পিছত সুৰাৰ খুচুৰা বিক্ৰীত লগোৱা হৈছিল কৰ। দেশৰ কিছু ৰাজ্য ৫০ শতাংশ আৰু আন কিছু ৰাজ্যত ১৫ শতাংশ ৰাজহ কৰ বৃদ্ধি কৰা হৈছিল।
ক’ৰোনাৰ সংক্ৰমণ কমি অহাৰ লগে লগে সুৰাৰ দাম কমিব বুলি ধাৰণা কৰা হৈছিল যদিও নতুন কৃষি কৰৰ বাবে ইয়াৰ মূল্য পূৰ্বতকৈ বৃদ্ধি হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে প্ৰতিলিটাৰ পেট্ৰ’লত ২.৫০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৪ টকাৰ উপকৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বাজেটত।